পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দীনবন্ধুৰ ভালপােৱা

কোনােবা কলিকতীয়া বঙালী এটা প্ৰভাৱতীক বিয়া কৰাবলৈ আহিছে, আৰু আজি কেইবাদিনাে তেওঁৰ ঘৰতে আছে ?”

 দীন—ক’ব নােৱাৰোঁ। আজি কেইবাদিনাে মই ঘৰতে থাকিবলৈ পােৱা নাই। আজি আবেলি আগেয়ে নেদেখা ডেকা মানুহ এটা প্রভাৰ ঘৰত দেখিছিলোঁ, কিন্তু ক’ৰ মানুহ, কিয় আহিছে, একোকে শুনা নাই। যদি সেইটোৱেই হয় কব নােৱাৰোঁ।

  দীনবন্ধুৱে এঠাই দুঠাইকৈ বহুত ঠাইত এই কথা শুনিলে। তেওঁ কথাটো সঁচা নে মিছা একো ঠিক কৰিব নােৱাৰিলে। মনে মনে ভাবিলে যদি সঁচা, তেন্তে সেই মানুহটোৱেই হব পায়। কিন্তু কলিকতীয়া মানুহে ইয়াত ছােৱালী ধৰিবলৈ পালেহি কেনেকৈ ? কোনাে ঠগ নহয়তাে! যি হওক, প্রভাক সতর্ক কৰি দিয়া তেওঁ কর্ত্তব্য বিবেচনা কৰিলে।

 ঘৰলৈ আহিয়েই দীনবন্ধুৱে প্ৰভাৱতীলৈ এখন চিঠি লিখিলে। চিঠিখন এইঃ—

ওঁ

সুচৰিতে,

 কালি তােমাৰ চিঠিখন পাই ইমান লৰালৰিকৈ উত্তৰ দিব লগাত পৰিলোঁ যে, কি লিখিলোঁ সিও এতিয়া মােৰ মনত নাই। সি যি হওক, তুমি কৰা প্ৰশ্নৰ উত্তৰ সােনকালে শুনিবলৈ পাৱা ; সেই দেখি এতিয়া বহলাই কোৱাৰ প্ৰয়ােজন নাই। মুঠতে মােৰ পৰা অন্যায়ৰূপে তােমাৰেই হওক বা আনৰেই হওক, কোনাে হানি হ’ব নােৱাৰে। বেয়া নােপােৱা যদি মই আৰু দুষাৰমান কথা ক’ব খােজোঁ।-বর্ত্তমান যেনে আন্দোলন-আলােচনা হৈছে, তুমি সকলাে বিষয়তে সতর্ক হৈ চলা উচিত। মই আগেয়ে কোৱা

কথাবােৰ আকৌ এবাৰ মনত পেলাই দিব খােজোঁ। সংসাৰ

-১৮৩ -