নৱম অধ্যায়
দীনবন্ধুৰ ভালপোৱা
সেই দিনা ৰাতি দীনবন্ধুৰ আৰু ঘৰলৈ অহা নহ’ল। প্ৰথমেই কানি খাই মৰিবলৈ ধৰা লৰাটোক চাবলৈ গ’ল। কেইবা বাৰৰ লোণ-পানী খোৱাৰ পিচত তাৰ বাতি আহিল আৰু কানিৰ এভাগ বাহিৰ ওলাল। দীনবন্ধুৱে তাক গোটেই নিশাটো খোজ কঢ়াই লৈ ফুৰাবলৈ লৰাবোক সময় ঠিক কৰি দি লাগতিয়াল উপদেশ দিলে। তাৰ পিচত ভয়ৰ বিশেষ কাৰণ একো নেদেখি তাক এৰি পগলাৰ ওচৰলৈ গ’ল। পগলাই তেতিয়া চিঞৰি চিঞৰি পুৰুষ-সূক্ত আওৰাই আছিল। দীনবন্ধুৱে পগলাৰ ওচৰ চাপি ক'লে,-“বেদৰ মন্ত এনেকৈ চিঞৰি গালে পাপ হয়, তাক সুৰ লগাই গাব লাগে।”
পগলা—আপুনি তেন্তে এবাৰ সুৰটো শিকাই দিয়ক।
দীন—এতিয়া বহুত ৰাতি হৈছে। ৰাত্ৰি-জাগৰণ শাস্ত্ৰমতে দোষৰ কথা। সেই কাৰণে এতিয়া আপুনি শোৱক। ৰাতিপুৱা ব্ৰহ্ম মুহুৰ্ততে শিকাই দিম।
পগলা তেতিয়া পাটীত পৰিল আৰু এখন্তেক মনে মনে থাকিল। দীনবন্ধুৱে অলপমান মধ্যম-নাৰায়ণ তেল মূৰত ভালকৈ ঘঁহি দিলে আৰু বিচনী এখন লৈ লাহে লাহে বিচিবলৈ ধৰিলে। এনেকৈ দুঘণ্টামান কৰাৰ পিচত পগলাৰ টোপনি আহিল। পগলাৰ টোপনি আহিলত চুবুৰীয়া মানুহ দুটামানক ৰখীয়া দি আকৌ কানি
খোৱা লৰাটোৰ তালৈ গ'ল। গৈ দেখিলে লৰাহঁতে তেওঁ উপদেশ
—১৮১—