সাধনা
মই এমাহমান ইয়াতে থাকি যি হয় এটা মীমাংসা কৰি যাম বুলি আহিছোঁ।
প্ৰভা—কিন্তু এই বিষয়ে যে মই কোনো এটা খাটাং কথা সোনকালে দিব পাৰিম, তেনে আশা নাই। আন নালাগে, এই কথা ভাবিবলৈকো মই যথেষ্ট সময় পোৱা নাই।
ৰমণী—মইনো কৈছোঁ কি? আমি এতিয়া দুয়ো দুইৰো বিষয়ে অনভিজ্ঞ; সেই দেখি চিঠি পত্ৰেৰে মতামত জনোৱা নিৰৰ্থক। বিলাত আদি ঠাইত সেই কাৰণে বৰ-কন্যা বহুদিন লগ বান্ধি দুয়ো দুয়োৰে কাৰ্য্যকলাপ চায়, দুয়ো দুয়োকো বুজি লয়। তাৰ পিচত যদি সকলো বিষয়তে দুয়োৰে মত মিলে তেতিয়াহে বিবাহ হয়। এনে বিবাহত বৰ-কন্যা সুখী নহৈ নোৱাৰে। কিন্তু চিঠি-পত্ৰৰে নাইবা ঘৰপতা মানুহৰ কথাৰে বিয়াৰ বন্দৱস্ত কৰিলে শেহত অমিল ওলাই পৰে, আৰু তেনে মানুহৰ ঘৰ গুচি বাঁহতল হয়। সেই দেখি দৰা কন্যাৰ বাছনি মতে বিয়া হোৱাই সভ্য সমাজৰ নিয়ম।
প্ৰভা—সেইটো হ’ব পাৰে, কিন্তু নিজৰ আত্মীয় মানুহৰ দ্বাৰাও তেনে নিৰ্ব্বাচন হোৱা অসম্ভৱ নহয়।
ৰমণী—সম্পূৰ্ণ অসম্ভৱ। আত্মীয় মানুহে বিশেষ ভাবে চেষ্টা কৰিলে শিক্ষা-দীক্ষা আৰু সাধাৰণ ভাবে স্বভাৱ চৰিত্ৰ বুজিব পাৰে; তাতকৈ বেচি একো কৰিব নোৱাৰে।
প্ৰভা—নিজে নিজেই বা তাতকৈ বেচি কি জানিব?
ৰমণী—বহুত জানিব। যিবোৰ আনে জানিবৰ উপায় নাই সেইবোৰ জানিব। দুয়ো জনৰ খোৱা-মেলাৰ, আমোদ-প্ৰমোদৰ, ইচ্ছা-অভিলাষৰ মিল অমিল বুজিব পাৰিব। এইবোৰ আনে বুজিবৰ
উপায় নাই। সেই কাৰণে মই ইয়াত দুই এমাহ থাকিম বুলি
—১৭৬–