পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিঠিৰ উত্তৰ

 মানুহটো গ’লত দীনবন্ধুৱে গঙ্গাক মাতিলে,—“গঙ্গা, গাখীৰ লৈ আহ; এচকল ৰুটিও আনিবি।”

 গঙ্গাই গাখীৰ আৰু ৰুটি আনি দিলে, দীনবন্ধুৱে খোৱাৰ লগে লগে চিঠিখন শেষ কৰিলে। চিঠিখন চুটি, তাত এই কেইটা কথা আছিল।—

ওঁ

সুচৰিতে,

 মই আহি ঘৰ সোমোৱাৰ লগে লগে তোমাৰ চিঠিখন পালোঁ। কিন্তু মই এনে কেইটামান কামৰ লেঠাত পৰিছোঁ যে তাক আস্তে- সুস্থে পঢ়ি উত্তৰ দিবলৈ মোৰ সময়ৰ নিতান্ত অভাৱ। তোমাৰ চিঠি পঢ়ি মোৰ বিশ্বাস হৈছে তুমি কিবা মিছা সংবাদৰ ওপৰত নিৰ্ভৰ কৰি এই চিঠি লিখিছা। সেই বিষয়ে সৰহ কথা কবলৈ মোৰ সময় নাই। মোৰ সম্পৰ্কে ইয়াকে মাথোন কওঁ যে মোৰ দ্বাৰা সত্যৰ অপলাপ কৰা নাইবা অসত্যক প্ৰশ্ৰয় দিয়া কেতিয়াও নহয়। মোৰ অতি আপোন মানুহ, পিতা-মাতা নাইবা মই নিজে বিপন্ন হলেও মই সত্য গোপন কৰিব বা অসত্যৰ আশ্ৰয় ল’ব নোৱাৰোঁ। তুমি যদি নিজক নিৰ্দ্দোষ বুলি জানা, এনেকৈ ধৈৰ্য হেৰুৱাইছা কিয়? মই স্কুলৰ কি উন্নতি কৰিবলৈ ওলাইছোঁ, তাক কাৰ্য্যত দেখিবা, এতিয়া মোৰ কথাৰে বা তোমাৰ অনুমানেৰে তাক বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। ইতি

তোমাৰ শুভাকাঙক্ষী
শ্ৰীদীনবন্ধু।

 দীনবন্ধুৱে চিঠিখন সামৰি তেতিয়াই প্ৰভাৱতীক দিবৰ নিমিত্তে গঙ্গাৰ হাতত দিলে। দীনবন্ধুৰ মুখত ব্যস্ততাৰ চিন দেখি গঙ্গাই

সুধিলে,—“দেউতাই ভাত নোখোৱাকৈয়ে যাব খুজিছে নে কি?”

—১৭১—