চিঠিৰ উত্তৰ
ল'ৰাটোৰ কথা শুনি দীনবন্ধুৱে ক'লে,—“কানি খালে!
কেতিয়া?”
ল’ৰা—কব নোৱাৰোঁ।
দীন—কানি খালে বুলি জানিলি কেনেকৈ?
ল’ৰা—সি নিজে কৈছে।
দীন—এতিয়া সি কি কৰিছে?
ল’ৰা—শুই আছে।
দীন-তেনেহলে সৰ্ব্বনাশ! তই লৰ মাৰ। তাক অলপো শুব বা বহিবলৈ নিদিবি, মাথোন খোজ কঢ়াই লৈ ফুৰাবি। সি যদি খোজ নাকাঢ়ি বহিব বা শুব খোজে, তেনেহলে লাগিলে কোবাই দিবি। মনত ৰাখিবি শুবলৈ দিলেই মৰিব। মই যাব লাগিছোঁ, তই লৰ মাৰ। অ, আৰু এটা কথা। তাক লোণ মিহলাই অলপ তপত পানী খাবলৈ দি থাকিবি। তেতিয়া তাৰ বাতি আহিব।
ল’ৰাটো তেতিয়া লৰ মাৰিলে, দীনবন্ধুৱে চিঠি লিখিবলৈ আকৌ কলমটো দোৱাতত সুমুৱাইছে, এনেতে এটা মানুহ উধাতু খাই লৰি আহি তেওঁৰ ওচৰত ওলাল। দীনবন্ধুৱে দেখিলে তেওঁ অলপ আগতে যাৰ ওচৰৰ পৰা আহিছিল সেই পগলা বামুণৰ ওচৰ চুবুৰীয়া মানুহ এটা। তেওঁ কোনো কথা কবলৈ নৌ পাওঁতেই মানুহটোৱে কবলৈ ধৰিলে,—“সৰ্ব্বনাশ হ’ল দেউতা, বেগাই আহক, নহলে বামুণে আজি কাকো নথয়।”
দীন—তহঁতে দেখিছোঁ মোক পগলা কৰিহে এৰিবি। মই আহি ভালকৈ বহিবলৈকে পোৱা নাই, পালিহি পাচতে খেদা। কিয়, মই থাকোঁতে দেখোন ভালেই আছিল।
মানুহ—আপুনি থাকোঁতে সদায় ভালে থাকে; আপুনি
আহিলে হে সি পগলা হয়। আজিও আপুনি অহাৰ পিচত সি
-১৬৯-