পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

নেকি? কিন্তু বিয়া হলেও জানো তেওঁ সুখী হব পাৰিব! সঁচাকৈয়ে দীনবন্ধুৱে তেওঁৰ অহিত চিন্তিছেনে-তেওঁক ঘিণ কৰেনে? কোনে ক’ব।

  তেওঁ একেৰাহে এইবোৰ কথাকে ভাবি আছে, এনেতে পিয়নে আহি কিছুমান চিঠি-পত্ৰ দি গ'ল। প্ৰভাৱতী ঘৰলৈ যোৱাৰ পৰা তেওঁৰ সকলো চিঠি পত্ৰ ডাক-ঘৰতে জমা আছিল। চিষ্ঠিবোৰ এখন এখন কৈ পঢ়ি যাওঁতে এখন চিঠি তেওঁৰ হাতত পৰিল; দেখিলে চিঠিখন কলিকতাৰ পৰা আহিছে। মেলি লৈ লিখকৰ নাম ভয়ে ভয়ে পঢ়িলে,—ৰমণীমোহন দত্ত।

 এইখন প্ৰভাৰ বিবাহ-সম্পৰ্কে লিখা চিঠি! এই চিঠিত মণীমোহনে লিখিছে যে তেওঁ প্ৰভাক চাবলৈ, আৰু মন মিলিলে বিয়াৰ বন্দৱস্ত কৰিবলৈ কাতিৰ প্ৰথম সপ্তাহতে আহিব। চিঠিখন পঢ়ি তেওঁ বৰ অস্থিৰ হ’ল, তেওঁ কি কৰা উচিত ঠিক কৰিব নোৱাৰিলে। কাৰ উপদেশ লব! কাক সুধিব? কোন তেওঁৰ হিতাকাঙ্ক্ষা আছে যি তেওঁক এই সমস্যাত বন্ধু হৈ সাহায্য কৰিব? তেওঁৰ গোটই দিনটো এই চিন্তাতেই গ’ল। নানা প্ৰকাৰ কাৰ্য্যৰ মাজতো এই চিন্তা তেওঁ এখন্তেকলৈকো পাহৰিব নোৱাৰিলে।

 সন্ধ্যা সময়ত চেক্ৰেটাৰী আহিল; আজি কেইদিনমান তেওঁ গদাধৰৰ দোকানলৈ যোৱা নাই। আহিয়েই ক’লে,-“কিহে, তোমাৰ দীনবন্ধুৰ কথা আৰু শুনিবা নে।”

  প্ৰভা—মোৰ দীনবন্ধু! বাৰু, মোৰেই দীনবন্ধু; পিচে কি শুনিব লাগে?

 চেক্ৰেটাৰী—দীনবন্ধুৱেই যে এই সকলো কৰিছে সেই কথা।

 প্ৰভা—যেতিয়ালৈকে ভাল প্ৰমাণ নাপাওঁ, তেতিয়ালৈকে মই তাক সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰোঁ।


- ১৬৪ -