পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষড়যন্ত্ৰকাৰীৰ নেতা

 চেক্ৰটাৰী—নহলে এনেবোৰ কথা লৈ কাৰ মূৰ কামোৰণি ধৰিব?

 প্ৰভা—তেনেহলে আপুনি কেৱল অনুমানৰ ওপৰতহে তেনেকৈ কৈছে?

 চেক্ৰেটাৰী—অনুমান হলেও সঁচা অনুমান। দীনবন্ধুৱে তোমালৈ লিখা চিঠিয়েই তাৰ প্ৰমাণ।

 প্ৰভা—মোৰ কিন্তু সন্দেহ হয়; তেওঁ এনে নীচকাৰ্য্য কৰিব পাৰে বুলি মোৰ মনে নধৰে। আৰু যদি তেওঁৰ তেনে ইচ্ছা থাকিলহেঁতেন তেনেহলে মোলৈ একো নিলিখিলেহেঁতেন।

 চেক্ৰে—তোমাৰ কথাত মোৰ তোমাৰ ওপৰতো অবিশ্বাস জন্মিছে, মোৰ আগৰ সন্দেহ দৃঢ় হৈছে। তুমি নিশ্চয় দীনবন্ধুৰ প্ৰেমত পৰিছা, নহলে এনে জল-জল কথাটোও নেদেখাৰ কোনো কাৰণ নাই।

 প্ৰভাই ব্যঙ্গৰ সুৰেৰে ক'লে,-“এৰা মই দীনবন্ধুৰ প্ৰেমত পৰিছোঁ!”

 চেক্ৰেটাৰীয়ে মাথোন ক'লে,—“বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ চেক্ৰেটাৰী ভাঙে। তাক যদি মই বগা ঘৰত ভাত খুৱাব নোৱাৰোঁ, মোৰ নাম গকুলচন্দ্ৰই নহয়।”

 এইবুলি চেক্ৰেটাৰী তাৰ পৰা গুচি গ'ল। প্ৰভাই জাননী-খনকে উৰাই-ঘূৰাই চাবলৈ ধৰিলে।

 জাননীখন পঢ়ি প্ৰভাৰ মনত নানা চিন্তা হবলৈ ধৰিলে। সঁচাকৈয়ে এইবোৰ দীনবন্ধুৰ কাম নে? সঁচা যদি তেওঁৰ তাত লাভ কি। বিশেষকৈ তেওঁৰ কাম ইমান বেচি যে তেওঁ এনে নিৰৰ্থক কামত সময় কটাবলৈ আজৰি পাব কেনেকৈ? কিন্তু যেয়ে এইবোৰ কাৰ্য্য় নকৰক, ঘটনাচক্ৰ যে ক্ৰমশঃ বিষম হৈ উঠিছে তাত কোন সন্দেহ নাই।

তেনেহলে তেওঁ আত্মৰক্ষাৰ নিমিত্তেই বিয়াৰ বান্ধোনত সোমাব লাগিব

—১৬৩—