পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকৃত সাধু

 গাড়োৱানে একো বুজিব নোৱাৰি সুধিলে,-“তাৰ মানে কি?”

 মানুহ—তাৰ গাড়ীখন ঘূৰাই নিব লাগে।

 গাড়ো—ইমান বাট অহাৰ পিচত গাড়ী ঘূৰাই নিম কিয়? আৰু গাড়ী ঘূৰাই নিয়াৰ পৰা তোমাৰ লাভ কি?

 মানুহ—মোৰ লাভ পিচত বুজিবা। অ’ মোৰ কথাটো বুজা তোমাৰ ভুল হৈছে বোধকৰোঁ। গাড়ী মানে শুদা গাড়ীখন হে ওভতাই নিব লাগিব।

 গাড়ো—কেতিয়াও নহয়।

 মানুহ—কুৰি টকা লোৱাঁ।

 গাড়ো—লাখ টকা দিলেও নহয়।

 মানুহ—বাৰু ওলোটাই নিব নালাগে। তোমাকো এই কুৰিটা টকা দিলোঁ, তুমি এতিয়া ইয়াকে লোৱাঁ। আৰু যে সৌ বাইচাইকল্ দুখন দেখিছা, তাকো তোমাৰ জিম্মাত ৰাখিলোঁ। তুমি ইয়াতে থাকাঁ, যেতিয়া তোমাৰ গাড়ী পাবা, তেতিয়া চাইকেল্ ঘূৰাই দিবা, তেতিয়া আৰু অলপ বক্চিচ্ পাবা। তুমি গাড়ীৰ কেৰেয়া বৰ বেচিকৈ পোৱা যদি পাঁচ টকা পাবা, কিন্তু মোৰ কথা শুনিলে একে ৰাতিয়ে কুৰি টকা লাভ হ'ব।

 গাড়ো—আৰু তাৰ বাবে ছোৱালীজনীৰ সৰ্ব্বনাশ কৰিবলৈ এৰি দিম। দলিয়াই পেলা তোৰ টকা। আমি হিন্দুস্থানী মানুহ, তহঁতৰ নিচিনা নিমক-হাৰাম নহওঁ। জান দিম, তথাপি এনে কাম হবলৈ নিদিও।

 মানুহ—আৰু পাঁচ টকা লোৱাঁ।

 গাড়ো—খবৰদাৰ! আৰু এনে কথা নকবি। ইমানতে ভালে ভালে আঁতৰ হ; নহলে শেষত পস্তাবি।

 হঠাৎ গাড়োৱানৰ মনত খেলালে যে বাইচাইকেল্ যেতিয়া দুখন

-১৫৯-