চতুর্থ অধ্যায়
নৈশ-মিলন
যি সময়ত আলিৰ মাজত ওপৰত কোৱা ঘটনা ঘটিছিল, ঠিক সেই সময়তে এটা মানুহ লক্ষ্মীকান্তৰ ঘৰৰ নঙলা পাৰ হৈছিল। মানুহটো মুছলমান আৰু এখন ডাঙৰ দোকানৰ গােমস্তা। নাম আব্দুল গনি; সাজ-পাৰত জকমকীয়া আৰু এচেন্সৰ গােন্ধেৰে মলমলােৱা।
আব্দুল গনি লাহে লাহে জুপি জুপি ৰম্ভাই পঢ়া-শুনা কৰা খােটালিটোৰ ওচৰলৈ গ'ল, কিন্তু তাত কাৰো একো গম নাপালে। তেতিয়া লাহে লাহে ৰম্ভাৰ শােৱনি ঘৰৰ ওচৰ চাপিল। সকলো নীৰৱ, দুৱাৰ বন্ধ। তেওঁ অলপ অলপকৈ দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে।
অলপ পিচতে দুৱাৰ মেলি ৰম্ভা ওলাই আহিল আৰু “তুমি আহিছা?” বুলিয়েই আব্দুলৰ ডিঙিত সাবটি ধৰিলে। আব্দুলেও তেনেকৈয়ে সাবটি ধৰিলে ; দুয়ােৰে ভিতৰত চুম্বন দান প্রতিদান হ’ল। তাৰ পিচত দুয়াে ভিতৰ সােমাই দুৱাৰ বন্ধ কৰি শয্যাৰ ওপৰতে আসন গ্ৰহণ কৰিলে।
প্রথমেই আব্দুলে প্রশ্ন কৰিলে,-“ককাইদেৱৰ নাই নে কি ? তােমাৰ চিঠিৰ পৰা মই ভালকৈ একোকে নুবুজিলোঁ। মাত্র কথাৰ গঢ় দেখি তেনে অনুমান কৰিছিলোঁ।
ৰম্ভা—এৰা তেওঁ নাই; আজি ৰাতিৰ ভিতৰত তেওঁ ঘৰি অহাৰ সম্ভাৱনা কম।
আব্দুল—ইন্দ্রনাথ কলৈ গ'ল ?
-১৫৪-