পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাবিৰ মাজত

পৰা ওপৰলৈ ঠেলা মাৰি ডাঙি দিলে। পিচ মুহূৰ্ত্ততে সেই মূৰ্ত্তি গাড়ীৰ পাচফালে দি সৰকি তিনি টেলেঙনি খাই গুৰি কঁঠাল পৰা দি পৰিল।

 যুৱতীয়ে লৰাটোৰ সাহায্যেৰে তৎক্ষণাৎ গাড়ীখন যুঁটিলে আৰু নিজে গাড়োৱান হৈ গাড়ী চলাবলৈ ধৰিলে। লৰাটো ভিতৰত বহিল। যুৱতীয়ে মনে মনে ক'লে,—“সুভদ্ৰাই ৰণক্ষেত্ৰত ৰথ চলাইছিল মই এই সামান্য ৰণক্ষেত্ৰত গৰুৰ গাড়ীও চলাব নোৱাৰিলে চলিব কেনেকৈ?”

—১৫৩—