হাবিৰ মাজত
“জিলা মে যাতা।”
“গাড়ীমে কোন হ্যায়?”
“আউৰত হ্যায়।”
মানুহ দুজনে আৰু অপেক্ষা নকৰি বেগাই চাইক্ল্ চলাই দিলে। এজনে ইজনক ক'লে,—“ঠিক এইখনেই।”
“নহ'ব কিয়? গাড়ীতে মুঠেই এখন পাৰ হৈছে বুলি ঘাটৈয়েই দেখোন কৈছিল।”
“এতিয়া একেবাৰেই নিঃসন্দেহ হলোঁ।”
তেতিয়া দুয়ো বেগেৰে চাইকেল্ চলাই মুহূৰ্ত্ততে অদৃশ্য হৈ গ'ল। গাড়োৱানেও আগৰ দৰেই গাড়ী চলাবলৈ ধৰিলে।
অলপ সময় মাথোন এনেকৈ গৈ আছে এনেতে সম্মুখৰ ফালৰ পৰা কিচকিচ কৰে ক’লা কিবা এটা আহি গাড়ীৰ আগত থিয় দিলে। গাড়োৱানটো বুকু ডাঠ মানুহ; তথাপি এই দৃশ্য দেখি কিছু ভয় খালে; কি কৰা উচিত একো ঠিক কৰিব নোৱাৰিলে। এনেতে গাড়ীখন মূৰ্ত্তিটোৰ ওচৰ পালে; গৰু হাল চক খাই উঠিল। মূৰ্ত্তিটোৱে থাপ মাৰি যুৱলিত ধৰি গাড়ীখন ৰাখিলে। তাকে দেখি চাবুল ওপৰলৈ তুলি গাছোৱানে প্ৰশ্ন কৰিলে,-“তোম কৌন্ হ্য়ায়?”
মূৰ্ত্তি নিমাত।
গাড়োৱান—কাহে চুপ্ ৰহতা হ্যায়? কৌন তোম্? ক্যা ম্যাঙ্তা—
কিন্তু কোনো উত্তৰ নাই।
গাড়োৱানে চাবুকৰে সৈতে সাৰোপ কৰে একোব মাৰিলে। মূৰ্ত্তিটো সাউৎ কৰে এফলীয়া হৈ কোব নোখোৱাকৈ সাৰিল, আৰু গাড়োৱানে সময় নৌ পাওঁতেই যুৱলিখন গৰুৰ ডিঙিৰ পৰা পেলাই
দিলে। গাড়োৱান জাঁপ মাৰি মাটিত পৰিল; যুৱতী আৰু লৰাটে
—১৫১—