সাধনা
গাৱঁৰ পৰা নগৰৰ ফাললৈ আহিছিল। বাট বৰ দীঘল—ডেৰ-কুৰি মাইল; গাড়ীখন প্ৰায় গৰু-মেলামান পৰত ৰাওনা হৈছিল। গাড়ী- খনৰ ওপৰত চৈ আৰু দুয়ো মূৰে আঁৰ-কাপোৰ বন্ধা। ভিতৰত এজনী গাভৰু আৰু এটি সৰু ল'ৰা। গাড়োৱানটো এটা হৃষ্ট-পুষ্ট হিন্দুস্থানী মানুহ। গৰু-হাল শকত আৱত।
গাৰোৱানটোৱে গাড়ী বৰ বেগেৰে চলাইছিল। দিনৰ দিনটো গাড়ীখন অবিশ্ৰাম আহি প্ৰায় সন্ধ্যা সময়ত এখন নৈ পালেহি। মাৰ নাৱত নৈখন পাৰ হ’ল। তাৰ পিচত গাড়ীখন ৰাখি গাড়োৱানটোৱে গৰুকেইটা সোলোকাই কিছু ‘দানা’ দিলে আৰু পানী খুৱালে। আৰোহী কেইজনেও নৈৰ পাৰতে অলপ আহাৰ কৰি এখন্তেক বিশ্ৰাম ল’লে।
আধা ঘণ্টামান সময়ৰ পিচত গাড়ী আকৌ চলিল। তেতিয়া ৰাতি হৈছিল, কৃষ্ণপক্ষৰ পঞ্চমীৰ চন্দ্ৰ তেতিয়াও উদয় হোৱা নাই; তৰাৰ ঢিমিকঢামাক পোহৰে হাবিৰ মাজৰ বাট অলপো পোহৰাব পৰা নাই। মাথোন গাড়ীৰ তলত বান্ধি দিয়া লেম্পটোৰ পোহৰে সম্মুখৰ বাটডোখৰ দেখুৱাই গৈছে।
বাটৰ দুয়ো কাষে হাবি। প্ৰায় দুমাইলমানৰ ভিতৰত কোনো ঘৰ নাই। এই হাবিত কেতিয়াবা বাঘ, ভালুক আদি হিংস্ৰ জন্তুও ওলায়। গাড়োৱানটোৱে বিশেষ সাৱধানতাৰে সৈতে গাড়ী চলাবলৈ ধৰিলে। হঠাৎ পাচফালৰ পৰা এটা উজ্জ্বল পোহৰ আহি গাড়ীত পৰিল। দেখা গ'ল কোনোবা দুজন “বাইচাইকেলত” উঠি আহিছে। গাড়োৱানে মনত ৰং পালে।
এই আগন্তুক দুজন দুয়ো ডাঢ়ীয়া। তেওঁলোক ক’ৰ পৰা আহিছে আৰু কলৈ যায়,তাক জানিবৰ উপায় নাই। গাড়ীৰ ওচৰ পাই
এনে গাড়োৱানক সুধিলে—“কাহাঁ যাতা?”
-১৫০-