পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা


যে বালিকা-বিদ্যালয়ৰ উন্নতিৰ বিষয়ে আলোচনা কৰিবলৈ অতি শীঘ্ৰে আপুনি এখন সৰ্ব্বসাধাৰণৰ সভা আহ্বান কৰিব লাগে।

বশংবদ


শ্ৰী•••••••••••••
শ্ৰীসৰ্ব্বানন্দ দত্ত।
কমলচন্দ্ৰ ৰাজখোৱা
গদাধৰ শৰ্ম্মা।
শ্ৰীকৃষ্ণকুমাৰ কাকতী।
ক্ৰীতপেশ্বৰ বৰা।
শ্ৰীভূতনাথ দাস।
শ্ৰীলক্ষ্মীকান্ত দাস।
শ্ৰীকাৰ্ত্তিকচন্দ্ৰ ভূঞা।

 দীন—ইয়াত চহী দিবলৈ মোৰ আপত্তি নাই; কিন্তু ইমানবোৰ নকৰি তেওঁক মুখেৰেই দেখোন ক'ব পাৰিলেহেঁতেন।

 সৰ্ব্বা—মুখেৰে কত বাৰ কৈছোঁ। তেওঁ কাণ নকৰা দেখিহে এনে উপায় কৰিব লগা হৈছে।

 দীনবন্ধুৱে তেতিয়া ৰাজখোৱা আদিৰ অনুৰোধ মতে খালিকৈ ৰখা প্ৰথম ঘৰতে তেওঁৰ স্বাক্ষৰ কৰি বেগাবেগিকৈ তেওঁৰ লক্ষ্য স্থানলৈ গতি কৰিলে।

 দীনবন্ধু গ'লত সৰ্ব্বানন্দই ৰাজখোৱালৈ চাই ক'লে,—“পিচে কি কৰিলা! কথাৰ সোঁত দেখোন কেনিবাহে ব’লে! তুমিও আকৌ দীনবন্ধুৰ কথাতে হয় দিলা।

 কমল—তেনে নকৰা হলে দীনবন্ধুৱে চহীকে নিদিলেহেঁতেন।

 কৃষ্ণকুমাৰ—মই ভাবিছোঁ আছে গৰু নবয় হাল, তাৰ সলনি

—১৪৬—