দ্বিতীয় অধ্যায়
আৰ্জ্জি
বিজয়া দশমী পাৰ হােৱা আজি দুদিন হৈছে। দীনবন্ধু খাই-বই উঠি কৰবালৈ যাবলৈ ওলাইছে। তেওঁ নঙলাৰ পৰা কেইখােজমান আগ বাঢ়িছে মাথােন, এনেতে দেখিলে কমলচন্দ্র, কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দ তেওঁৰ ঘৰৰ ফাললৈকে আহিছে। তেওঁলােক যে বিনা কাৰণত তেওঁৰ ঘৰলৈ আহিব, সেইটো দীনবন্ধুৱে বিশ্বাস কৰিব নােৱাৰিছিল; সেই কাৰণে আগধৰি সতর্ক হৈ তেওঁ লাহে লাহে গৈ থাকিবলৈ ধৰিলে। অলপ পিচতে তেওঁলােক ওচৰ চাপিল। পােনেই ৰাজখােৱাই মাত লগালে,—“কিহে, তুমি দেখােন ওলায়েই আহিলা, আমি তােমাকেই বিচাৰি আহিছিলোঁ।”
দীন—মােক বিচাৰি আহিছে ! কিয় ?
ৰাজখােৱা—এটা কথা আলােচনা কৰিব লগা হৈছে।
দীন—কি কথা?
সৰ্ব্বা—এই বালিকা স্কুলখনৰ সম্পর্কে।
দীন—বালিকা স্কুলৰ লগত মােৰ কোনাে সম্পর্ক নাই; আন কি, মােৰ লগা ভগা কোনাে ছােৱালীয়েও নপঢ়ে।
ৰাজখােৱা—সেইটো কোনাে কথাৰ কথা নহয়। লােকেল বাের্ড আৰু মিউনিচিপেলিটিয়ে সাহায্য কৰে যেতিয়া, ইয়াত গােটেই জিলাৰ মানুহৰ সম্পর্ক আছে।
দীন—তেনে সম্পর্ক অৱশ্যে ৰাখিলে আছে, নাৰাখিলে নাই।
পিচে আচল কথাটো কি ?
-১৪১-