দুৰ্গা-পূজা
বেৰত নানা প্ৰকাৰ কামনা-উদ্দীপক চিত্ৰ; মাজে মাজে কাগজৰ ৰংচঙীয়া ফুল-লতা। সোঁ মাজতে এখন ঘূৰণীয়া মেজ আৰু চাৰিও- ফালে নানা গঢ়ৰ মাচিয়া। ওপৰত এটা ঝাৰ; এটা খুটাত এটা ডাঙৰ ঘৰি।
এই ঘৰটোৰ সন্মুখতে বিচিত্ৰ চন্দ্ৰাতাপেৰে সভা সজোৱা হৈছে। খুঁটাবোৰত ৰঙীন কাগজ আৰু চালু কাপোৰ মেৰিওৱা, তাৰ ওপৰত আকৌ জকমকীয়াকৈ ফুল-পাত বন্ধা! সোমোৱা বাটটো অতি বিতোপনকৈ সজোৱা হৈছে। মাটিত কাৰ্পেট পৰা। এই ৰভাৰ উত্তৰ ফালে এটা টিনৰ এচলীয়া অস্থায়ী ঘৰত প্ৰতিমা ৰখা হৈছে।
এইখিনি পৰিবৰ্ত্তনৰ বাহিৰে বাকীবোৰ ঘৰ-দুৱাৰৰ বিশেষ পৰিবৰ্ত্তন হোৱা নাই। মাথোন বেৰ আৰু পিৰালিবিলাক জীৰ্ণ-শীৰ্ণ হৈ মাজে মাজে ভাগিছে। বাৰীচুকৰ শস্যৰ ঠাই হাবিয়ে অধিকাৰ কৰিছে আৰু ভেটা ভাগি যোৱাত গৰু-ম’হে দখলী-স্বত্বৰ দাবি কৰিছে।
পূজাৰ কাৰ্য্য সুকলমেই সমাধা হ’ল। দেৱীৰ ভাগত নৈৱেদ্য কিঞ্চিৎ হলেও একেবাৰেই তেওঁ বঞ্চিত হোৱা নাছিল। মানুহৰ নিমিত্তে হ'লে আয়োজন সম্পূৰ্ণ ষোল অনা হৈছিল।
নিমন্ত্ৰিতৰ সংখ্যা বৰ বেচি নাছিল। কাৰ্ত্তিকচন্দ্ৰই তেওঁৰ দলৰ স্থায়ী সভ্য কেইজনক আৰু অস্থায়ীভাবে লগলগা লগৰীয়া জনচেৰেকক মাথোন নিমন্ত্ৰণ কৰিছিল। মাকহঁতে দুই চাৰিজন লগাভগা মানুহক মাতিছিল আৰু তেওঁলোকৰ অভ্যৰ্থনাৰ আয়োজন সুকীয়াকৈ কৰিব লগা হৈছিল।
পূজাৰ আটাইকেইদিন কাৰ্ত্তিকচন্দ্ৰই তেওঁৰ বন্ধুদলক ভোজ দিছিল; মদ-মাংসৰ আয়োজন যথেষ্ট হৈছিল। নানা প্ৰকাৰ মিঠাই আৰু সুমিষ্ট ফল বেলেগ বেলেগ ঠাইৰ পৰা সংগৃহীত হৈছিল। পোলাও, কালীয়া, কোৰ্ম্মা, চুৰুহা আদিৰ পলাণ্ডুমিশ্ৰিত গোদ্ধে বাটৰ
-১৩৯-