পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 সৰ্ব্বা—এৰা হয়, কি কোৱা ভূঞা? পিচত আকৌ ক’বা বোলে সিহঁতে কেইটামান টকা দিয়েই মোৰ নামটো লুকুৱালে।

 তপেশ্বৰ-মই দেখাত তেৱেঁই পূজাটো পতাহে ভাল, তেতিয়া হ’লে গাৱেঁ–ভূঁয়ে তেওঁৰ নাম ৰৈ—বৈ যাব।

 কাৰ্ত্তিক—পূজাতনো কিমান খৰচ পৰিব?

 ৰাজখোৱা -বেচি আৰু কি পৰিব! দুকুৰি কি তিনিকুৰ হ'লেই হৈ যাব।

 কাৰ্ত্তিক—তেনেহলে ময়েই সেইখিনিও দিম। এহেজাৰ দিব পাৰিলে, সেই কেইটা টকা দিব নোৱাৰিম নে?

 এনেকৈয়ে কাৰ্তিকচন্দ্ৰ দুৰ্গা-পূজা পাতিবলৈ সম্মত হ’ল আৰু নিয়মমতে সকলো আয়োজন চলিবলৈ ধৰিলে।

 কিছু দিনৰ পিচত সকলোৱেই শুনিলে—এইবাৰ পূজাত এখন প্ৰতিমা বেচি হ’ব, কাৰ্ত্তিকচন্দ্ৰয়ো দুৰ্গা-পূজা পাতিছে।

 পাঠক, আপুনি পূজা চোৱা মানুহৰ লগত গৈ থাকিলেই কাৰ্ত্তিকচন্দ্ৰৰ ঘৰত ওলাব পাৰিব, কিন্তু আপুনি আগৰ বাৰ তেওঁৰ ঘৰৰ যি দৃশ্য দেখিছিল, এতিয়াও ঠিক সেই দৃশ্যকে দেখিবলৈ পাব বুলি আশা নকৰিব।

 এতিয়া পদূলিত ভৰি দিয়েই আগেয়ে নেদেখা এটা চাৰি চলীয়া চ’ৰা ঘৰ দেখিবলৈ পোৱা যাব। ঘৰটো সজা বেচি দিন হোৱা নাই। ঘৰৰ ভেঁটি আৰু বেৰৰ আধাখিনিলৈকে পকা। সম্মুখত বাৰাণ্ডা আছে। দুৱাৰ-খিৰিকী মুঠতে এঘাৰখন; তাত ফুলাম কাপোৰৰ আঁৰ কাপোৰ আঁৰা। ভিতৰত এটা আলমাৰীত বহুতো লাহ-বিলাহৰ বস্তু, গ্ৰামোফোন, ঢোলোক, তবলা, বেহালা আদি এখন দীঘলীয়া মেজৰ ওপৰত শৃঙ্খলা লগাই সজোৱা। লগতে তাচ,

পাশা আৰু দবা খেলৰ সঁজুলি। ওচৰতে এটা “টেব্‌ল্‌ হ্যাৰ্ম্মোনিয়ম্”।

-১৩৮-