দুর্গা-পূজা
গকুল—তাত জানাে খৰচ নলগাকৈ থাকিব?
ৰাজখােৱা—বেচি আৰু কি খৰচ লাগিব! যিমান কম দামত পাৰি প্ৰতিমা এখন আনি পূজা কৰিবলৈ বামুণ এটাক দহ-পােন্ধ টকামানত ঠিকা দি দিলেই হ’ল। পূজা যেনেকৈ হওক, তাত আমাৰ লাভ-লােকচান নাই। সেইটো মাথােন আমাৰ বাই’ পুজাৰ ঢাকোন।
কাৰ্ত্তিক—বলি লাগিব নে নালাগে ?
সৰ্ব্বা—গােসাঁনীক লাগক বা নালাগক আমাকতো লাগিব। দিনৌ অন্ততঃ একোটা পাঠা নহ'লে ক’ত চলিব ?
তপেশ্বৰ—সেয়েই ভাল। আমাৰো ভােজ হ’ব, বলিৰো নাম হ'ব।
গােকুল—“বাই”ৰ খৰচ ভূঞাই দিব, পূজাৰ খৰচটো তেনেহলে বৰঙনি তুলি গােটোৱা যাক।
কৃষ্ণ—মই ভাবিছো বাৰীৰ ভিতৰত যিমান ভাল শস্য নাথাকক ঢাপটোহে আগেয়ে মানুহৰ চকুত পৰে। এতিয়াও "বাইজীৰ" খৰচ যেয়ে দিয়ক, পূজা পাতোঁতাৰ হে নামটো হ'ব।
ৰাজখােৱা—ময়াে তাকেই ভাবিছে। আমি বৰঙনি তুলি পূজা পাতিলে ভূঞাৰ প্রতি অন্যায় কৰা হ'ব। তেওঁ এহেজাৰকৈ টকা দিব, অথচ অলপীয়া টকাতে আমাৰ নামটো হ'ব। ধৰিবলৈ গ'লে পূজাতনাে কেইটা টকা খৰচ পৰিব!
গদা—তেনেহলে পূজা ভাগাে ভূঞায়েই পাতক।
ৰাজখােৱা—মই সেই বিষয়ে একো নকওঁ; সেইটো ভূঞাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ যদি কয় বােলে এনেয়েও খৰচ কৰিম, তেনেয়েও খৰচ কৰিম, সাপ মাৰি নেগুৰত বিষ থওঁ কিয়, তেনেহলে আমি জোৰ নকৰোঁ। হওঁতে আমাৰ নিজৰ সুবিধালৈ চালে, বৰঙনি
তুলি পূজা পতাহে ভাল।
—১৩৭—