সফল স্বপ্ন
ইন্দ্ৰ—কিন্তু ককাইদেউৰ পৰা মই এতিয়া বেলেগ; সেই কাৰণে মই তাৰ হতুৱাই একো কৰোৱাব নোৱাৰিম। তুমি ক'লে ককাইদেৱেই যি কৰিব লাগে কৰিব। চাকৰটো খেদাবৰ পৰা তেওঁ চেক্ৰেটাৰী আৰু প্ৰভাৱতীক কেনেকৈ খেদাব, তাৰ চেষ্টাতেই ঘুৰিব লাগিছে।
লক্ষ্মী—হয়নে? তেনেহলে কোনো চিন্তা নাই। সেই কাৰ্য্যৰ ভাৰ ময়েই ললোঁ। কিন্তু তুমি আন এটা কাম কৰিব লাগিব।
ইন্দ্ৰ—কি?
লক্ষ্মী—উকীল আৰু প্ৰভাৰ নামে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰিব লাগিব। লিখোঁতে বিশেষ সাৱধান হোৱা আৱশ্যক যাতে আখৰ দেখি কোনেও লেখকক চিনিব নোৱাৰে। জাননী ওলালে বহুতে মোক সন্দেহ কৰিব পাৰে; সেই দেখি তাত মোৰ হাতৰ আখৰ থকা উচিত নহয়।
ইন্দ্ৰ—সেইটো সহজে কৰিব পাৰি; কিন্তু মই ইয়াত থাকিব নোৱাৰিম। কালিলৈ কোনোবা এফালে যাম বুলি ভাবিছোঁ।
লক্ষ্মী—কিয়?
ইন্দ্ৰ—ককায়ে বেলেগাই দিয়াৰ পৰা মোৰ থকা-মেলাৰ বৰ অসুবিধা হৈছে; সেই কাৰণে এমাহৰ ছুটী লৈ এবাৰ ঘূৰি আহিব খুজিছোঁ; কি জানি ক'ৰবাত কিবা সুবিধা কৰিব পাৰোঁ।
লক্ষ্মী—তাৰ কোনো আৱশ্যক নাই। এটা সিদ্ধান্ত হৈ নুঠে মানে তুমি ইয়াতে থাকি কাম কৰিব পাৰিবা।
ইন্দ্ৰনাথৰ আনন্দৰ সীমা নোহোৱা হ'ল। ইমান সহজে যে তেওঁৰ অভিলাষ পূৰ্ণ হ’ব, তাক তেওঁ সপোনতো ভাবিব পৰা নাছিল। তেওঁ ভাবিলে বিয়া হওক বা নহওক, সম্প্ৰতি থাকিবলৈ ঠাই পোৱা, তাকে আকৌ ৰম্ভাৰ লগত পোৱাতকৈ তেওঁ কি বেচি সৌভাগ্য কল্পনা কৰিব পাৰে। তেওঁৰ মনত এটা হেন্দোলনি উঠিল; এক মুহূৰ্ত্তৰ আগেয়ে
-১৩১-