পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সফল স্বপ্ন

 ইন্দ্রনাথে ডেৰকুৰি টকা দৰমহাত লােকেল বােৰ্ডৰ মহৰীৰ কাম কৰিছিল। তেওঁৰ ধুন-পেচ আহাৰ-বিহাৰাদি এনে আছিল যে সেই কেইটা টকা কেনি উৰি যায়, তেওঁ ক’বই নােৱাৰে। ঘৰৰ খৰচ সম্পূৰ্ণৰূপে ককায়েকেই চলাব লগাত পৰিছিল । এতিয়া খেদা খাই তেওঁৰ না-জল না-থল হ’ল; ইফালে হাতততা পইচা নাই।

 ইন্দ্ৰনাথৰ লগত ৰম্ভাৰ বহুতদিনীয়া চিনাকি। স্কুলত পঢ়োঁতেই দুয়ােৰে চিঠিৰ চলাচল আছিল; এবাৰ দুয়াে গােট খাই পলাইছিলাে। বহুত বিচৰাৰ পিচতহে ধৰা পৰে। তেতিয়াৰে পৰা ইন্দ্ৰনাথে ৰম্ভাৰ লগত গােপনহে সাক্ষাৎ কৰিছিল।

 যিদিনা লক্ষ্মীকান্ত প্ৰভাৱতীৰ ওচৰত অপমানিত হৈ ঘৰলৈ গৈছিল, সেই দিনা ইন্দ্ৰনাথাে অলপ আগতে ৰম্ভাৰ ওচৰলৈ গৈছিল। দুয়াে আলাপ কৰি বহি থাকোতেই লক্ষ্মীকান্ত গৈ ঘৰ সােমাল।' সাধাৰণতঃ লক্ষ্মীকান্ত সিমান সােনকালে ঘৰলৈ নাযায়, আজি হঠাৎ গৈ ধৰা পেলােৱা দেখি দুয়াে সশঙ্কিত হৈ উঠিল। ইন্দ্রনাথ যাবলৈ উঠিল ; এনেতে লক্ষ্মী- কান্তই ক'লে,-“ইন্দ্রনাথ, তােমাৰ লগত মােৰ বহুতাে কথা আছে।”

  ইন্দ্র—কি কথা?

 লক্ষ্মীকান্তৰ ইঙ্গিতমতে ৰম্ভা ভিতৰলৈ গ'ল । ইন্দ্রনাথে কি কৰিব স্থিৰ কৰিব নােৱাৰি থিয়তে ৰ'ল, আৰু লক্ষ্মীকান্তই যদি আক্ৰমণ কৰে, তেন্তে কি কৰিব তাৰ নানা উপায় মনতে জুকিয়াবলৈ ধৰিলে। এনেতে লক্ষ্মীকান্তই ক'লে—“মই যিমান দূৰ বুজিছোঁ এনেকে লুকাই লুকাই দেখা কৰাত তােমালােকৰ উদ্দেশ্য শুভ নহয়।”

 ইন্দ্রনাথ নীৰৱ। তেওঁ লক্ষ্মীকান্তৰ উদ্দেশ্য একো বুজা নাছিল।

 লক্ষ্মী—মই এতিয়া জানিব খােজোঁ, তােমাৰ উদ্দেশ্য কি? তুমি ৰম্ভাক বিয়া কৰাব খােজা নে মাজে মাজে শুকাই চুৰকৈ লগ

পাব খােজা।

-১২৯-