পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভীষণ প্ৰতিজ্ঞা

 লক্ষ্মী—কিয় তুমি ইমান নিষ্ঠুৰা হৈছা প্ৰভা? মই তোমাৰ ভৰিত পৰিছোঁ, মোক দয়া কৰাঁ, নহলে মোক হত্যা কৰাঁ।

 প্ৰভা—এনে পাপীক হত্যা কৰাই হওঁতে উচিত; কিন্তু নকৰোঁ, ইয়াকে মাথোন কওঁ—যেন সেই পাপ-মুখ আকৌ মই দেখা নাপাওঁ।

 লক্ষ্মী—প্ৰভা, এতিয়াও সময় আছে, এতিয়াও তোমাৰ কথা উঠাই লোৱাঁ। নহলে—মনত ৰাখিবা ইয়াৰ পৰিণাম অতি ভয়ানক হ’ব। তুমি জানানে মই ইচ্ছা কৰিলে কি ভয়ঙ্কৰ হ’ব পাৰোঁ?

 প্ৰভা—তাৰ নিমিত্তে প্ৰভাৱতীয়ে ভয় নকৰে।

 তৎক্ষণাৎ ভীষণ মূৰ্তি ধৰি লক্ষ্মীকান্তই প্ৰভাৱতীৰ গালৈ চোঁচা ল’লে। প্ৰভাৱতী থিয় হ’ল; কিন্তু অলপো লৰচৰ নকৰি দীপ্তা সিংহীৰ দৰে গর্জ্জি উঠিল,—“সাৱধান! আৰু এখোজো আগ নাবাঢ়িবি। মোৰ চুলিৰ আগ ছুবলৈকো তোৰ শক্তি নাই। তোৰ পাপ মুখত পদাঘাত কৰি ধৰ্ম্মৰক্ষা কৰিবৰ শক্তি প্ৰভাৱতীৰ আছে।

  প্ৰভাৱতীৰ মূৰ্ত্তি দেখি লক্ষ্মীকান্ত থমক খাই ৰ'ল, আৰু কিবা এটা ভাবি ততালিকে ঘৰৰ পৰা ওলাই গ'ল। যাবৰ সময়ত কৈ গ’ল,—“প্ৰভাৱতী, মনত ৰাখিবি মই লক্ষ্মীকান্ত। আজিলৈকে তোৰ পৰম মিত্ৰ আছিলোঁ, আজিৰ পৰা তোৰ পৰম শত্ৰু বুলি জানিবি। মই যদি তোৰ সৰ্ব্বনাশ কৰিব নোৱাৰোঁ তেন্তে মই আইৰ জহুৰা

পুতেক। চাওঁ বাৰু, কোনে তোক ৰক্ষা কৰিব পাৰে!


- ১২৭ -