সাধনা
কামটো ভাল কৰিলে নে বেয়া কৰিলে নিজেই একো নুবুজিলে। বিশেষকৈ শিক্ষালাভৰ নিমিত্তে একান্ত আগ্ৰহ থাকিলেও সেই অচিনাকি মানুহজনৰ পত্নী হবলৈ তেওঁৰ সমূলি ইচ্ছা জন্মা নাই। তেওঁৰ তেতিয়া চিঠিখন ঘূৰাই আনিবলৈ মন গৈছিল; চিঠিখন উকীলে লৈ নোযোৱা হ'লে তেওঁ তাক ডাকত নিদিলেহেঁতেন। ভাবনাত তেওঁৰ কপালৰ ঘাম বৈ গ'ল; তেওঁ ঘাম মচি মচি বাৰাণ্ডালৈ ওলাই আহিল। বাৰাণ্ডাৰ পৰা দেখা পালে সেই ধীৰ, উজ্জ্বল, প্ৰশান্ত দীনবন্ধুৰ মূৰ্ত্তি। তেওঁৰ চকুলো ওলাল; কিবা এটা আবেগত তেওঁ কঁপিবলৈ ধৰিলে; থিয় হৈ থাকিব নোৱাৰি মাটিতে বহি খুটাত আঁউজি ৰ'ল।
ইয়াৰ অলপ পিচতে লক্ষ্মীকান্ত আহিল আৰু প্ৰভাক তেনে অৱস্থাত দেখি সুধিলে,—“প্ৰভা, কি হৈছে তোমাৰ?”
প্ৰভা—একো হোৱা নাই।
লক্ষ্মী—নিশ্চয় কিবা এটা হৈছে। তুমি মোৰ ওচৰত লুকুওৱা। নে প্ৰভা? মই যে তোমাৰ নিমিত্তে সদায় চিন্তা কৰি আহিছোঁ, তুমিওতো ইমান দিন মোক আপোন বুলি বুদ্ধি-ভৰসা লৈ আহিছা। আজি কিয় মোক নিলগ কৰিছা প্ৰভা? তোমাৰ দুখ-সুখৰ কথা মোৰ পৰাও গোপনীয় নে?
প্ৰভাই তেতিয়া সেই দিনাৰ সকলো কথা ভাঙি-ছিঙি ক'লে। শুনি থাকি লক্ষ্মীকান্তৰ মুখ বিবৰ্ণ হ’ল, উশাহ ঘন হৈ আহিল। কৰুণ সুৰেৰে ক'লে,-“তেনেহলে তুমি সেই বঙালীটোলৈ যাবলৈ স্থিৰ কৰিলা?”
প্ৰভা—নাই কৰা।
লক্ষ্মী—তেনেহলে চিঠি লিখিলা কিয়?
- ১২৪ -