সাধনা
উকীল—কাৰবাৰ লগত তোমাৰ বিয়া হোৱাৰ বাহিৰে আন উপায় নাই।
প্ৰভা—বিবাহৰ নিমিত্তে মোৰ ইচ্ছা নাই।
উকীল—ইচ্ছা নহলেও ইচ্ছা কৰিব লাগিব। আৰু মনোমত পাত্ৰ পালে, তোমাৰ তেনে অনিচ্ছাৰ কাৰণো নেদেখোঁ। উপযুক্ত মানুহৰ লগত বিয়া হ'লে তুমিও সুখী হ’বা, আৰু এই কেলেঙ্কাৰী- বোৰ দূৰ হ’ব। নহলে আৰু আন উপায় নাই। দীনবন্ধুৱে যেতিয়া তোমাৰ অপকাৰ কৰিম বুলি লাগিছে, ইয়াৰ বাহিৰে আন কোনো উপায়েৰে তোমাক ৰক্ষা কৰিব নোৱাৰোঁ।
আকৌ প্ৰভাৰ মুখত এটা বিষাদৰ জ্বালাময় চিন বিৰিঙি পৰিল; অলপ পৰ নীৰৱে চিন্তা কৰি ক'লে,—“বাৰু বিয়া কৰাবলৈ মান্তিয়েই হ'লোঁ, কিন্তু মনোমত পাত্ৰ যে পোৱা যাব, তাৰ স্থিৰতা কি?”
“এইখন চোৱাঁ” বুলি উকীলে হাতত লৈ অহা বাতৰিকাকতখন মেলি তাত থকা জাননী এখন দেখুৱালে। জাননীখন ইংৰাজীত লিখা, অসমীয়াত সি এনেকুৱা হ'ব—
পাত্ৰী আৱশ্যক
“পাত্ৰ—লণ্ডনৰ ইনাৰ টেম্পোলৰ পৰা চনন্দ পোৱা বেৰিষ্টাৰ, অলপতে বিলাতৰ পৰা ঘূৰি আহিছে। কুলত কায়স্থ, ধৰ্ম্মত হিন্দু, কিন্তু তেওঁ জাতি বিভাগ নামানে; এক ঈশ্বৰ ভিন্ন কোনো দেৱ- দেৱীক বিশ্বাস নকৰে। আৰ্থিক অৱস্থা ভাল; পৈতৃক জমিদাৰীও আছে।
“পাত্ৰী—স্বাধীনভাবাপন্না, শিক্ষিতা আৰু সুন্দৰী হ'ব লাগিব, সঙ্গীতত বিশেষ ব্যুৎপত্তি থাকিব লাগিব। ধৰ্ম্মত হিন্দু হলে যেই
সেই জাতৰ হ'লেই হ’ব।
-১২২-