পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টাদশ অধ্যায়
ভীষণ প্ৰতিজ্ঞা

 বালিকাস্কুলৰ শিক্ষয়িত্ৰীৰ সম্পৰ্কে নানাপ্ৰকাৰ কেলেঙ্কাৰীৰ কথা গোটেই জিলাতে ৰাষ্ট্ৰ হ’ল।

 গকুলচন্দ্ৰই বহুত ভাবি-চিন্তিও কি কৰা উচিত একো স্থিৰ কৰিব নোৱাৰিলে। প্ৰভাৰ তালৈ অহা-যোৱাত যে তেওঁৰ উদ্দেশ্য সাধু আছিল এনে হয়। তেওঁৰ অসংখ্য কুৎসিৎ প্ৰেমৰ কাহিনী নজনা মানুহ কোনো নাই। মোকৰ্দ্দমা লগা তিৰুতাৰ পৰা শিক্ষিত মহিলালৈকে সকলোৱে তেওঁৰ চৰিত্ৰৰ আভাস পাইছে। তেনে স্থলত ইমান দিনৰ সমাগমৰ পিচত প্ৰভাৱতীক পবিত্ৰ কৰি ৰাখিছে বুলি কোনেও বিশ্বাস কৰিব নোৱাৰিছিল।

 কিন্তু যেয়ে যি অনুমান কৰক, চেক্ৰেটাৰীয়ে প্ৰভাৰ বিশেষ অন্যায় একো কৰিব পৰা নাছিল; দিনৌ প্ৰভাৰ বদন দৰ্শন আৰু বাক্যালাপ শ্ৰবণ কৰি আনন্দ লাভ কৰিছিল মাথোন। বহুত দিন অসংযতভাবে আলাপ কৰিছিল সচাঁ, কিন্তু প্ৰভাক স্পৰ্শ কৰিবলৈ সাহ কৰা নাই; প্ৰভাক তেওঁৰ ভোগৰ সামগ্ৰী কৰিবলৈ চেষ্টা কৰিছিল যদিও, কৃতকাৰ্য্য হ’ব পৰা নাই। উকীলৰ মনত সদায় খেলাইছিল যে প্ৰভা বিবাহিতা হোৱা হলে কি জানি তেওঁৰ উদ্দেশ্য সিদ্ধি হোৱা ইমান কঠিন নহ'ল- হেঁতেন। কিবা ঘটনা ঘটি লোক চক্ষুত পৰিলে এতিয়া ঢাকিবলৈ উপায় নাই দেখিহে প্ৰভাই তেওঁক ইমান দিনেও আত্মসমৰ্পণ কৰা

নাই। তেওঁ মনে মনে ভাবিলে যদি প্ৰভাৰ এনে কোনোবা

-১২০-