গােপন পৰামর্শ
“লেখনী-পুস্তিকা-কান্তাঃ পৰহস্তগতা গতাঃ।” এতিয়াও স্কুলৰ ভাৰ পৰৰ হাতত দিয়াৰ পৰাই সকলো সুবিধা গ’ল। শহনিত এবাৰ গৰু চৰিবলৈ এৰি দিলে, কেতিয়াবা জানাে ভাল ফল পায়! সেই দেখি সকলো দোষ তােমাৰ গাত।
কমল—মই জানাে পৰাত তাক চেক্রেটাৰী পাতিছিলো? ৰাইজে দীনবন্ধুৰ নিমিত্তে যেনেকৈ ধৰিছিল, আকৌ আমাৰ ভিতৰতে খােৱা-কামােৰা লগা হ'লে সকলো পণ্ড হ’লহেঁতেন। সেই দেখিহে বােলাে একেবাৰেই হাতৰ পৰা এৰাই যােৱাতকৈ যেনে-তেনে আমাৰ দলতে ৰাখোঁ।
সৰ্ব্বা—সেইটো যি হ’ল হ’ল ; পিচে এতিয়া কৰা যায় কি ?
কমল—অইন আৰু কি কৰিম ; যেনে তেনে উকীলক চেক্রেটাৰী ভাঙিব লাগে।
সৰ্ব্বা—কেনেকৈ ?
কৃষ্ণ—মই ভাবিছোঁ অতি সহজে সেইটো কাম সিদ্ধি কৰিব পাৰি। পুৰাতত্ব আলােচনা কৰিলে পােৱা যায়, দুৰ্য্যোধনে ভীমক দূৰ কৰিব নােৱাৰি বিহ খুৱাই দিছিল। এতিয়া উকীলৰ মদত বিহ মিহলাই দিলেই সকলো ঠিক হব। শেহত মদ খাই মৰিল বুলি প্ৰমাণ হৈ যাব।
কমল—সিমান ভয়ঙ্কৰ উপায় নিবিচাৰিলেও হ’ব। আজি কালি প্রায় সকলাে মানুহৰ মুখতে প্ৰভাৱতী, উকীল, মহেশ আৰু লক্ষ্মীকান্তৰ কথা। সেইবােৰ কথাৰ নিয়মমতে বিচাৰ কৰিব লাগে। সৰ্ব্বা—কিন্তু প্রমাণ কৰিব নােৱাৰিলে, তেনে কথা উলিওৱা নিৰাপদ নহয়।
কৃষ্ণ—মই আৰু এটা উপায় ভাবিছোঁ। পুৰাতত্বমতে দেৱতা সকলে সুন্দৰ-উপসুন্দৰক বলে নােৱাৰি তিলােত্তমাক পঠিয়াই দিছিল।
তেওঁক দেখি দুয়াে যুদ্ধ কৰি মৰি থাকিল; তেতিয়া বিনাযুদ্ধে দেৱতাৰ
-১১৭-