সাধনা
লোকনিন্দা হ’ব পাৰে! জাতো যাব, পেটো নভৰিব, ইয়াতকৈ দুখৰ কথা আৰু কিবা আছে নে? সেই কাৰণে মই ভাবিছোঁ বোলো কলঙ্ক যেতিয়া প্ৰচাৰ হৈছে সঁচাকৈয়ে হওক।
প্ৰভা—আপুনি এইবোৰ কি কৈছে?
মহেশ—তুমি মোৰ কথা বুজা নাই নে? চোৱাঁ তুমি মই এক; ইমান দিন লোকৰ ভয়ত বেলেগ হৈ আছিলোঁ। কিন্তু এতিয়া লোকেই যেতিয়া লগলগাই দিছে আৰু বেলেগ হৈ থাকোঁ কিয়?
এইদৰে কৈয়েই মহেশে প্ৰভাৰ হাতত থাপ মাৰি ধৰিলে। প্ৰভাৰ তেতিয়া মুখৰ বৰণ সলনি হ’ল,চকুৰ পৰা ফিৰিঙটি উফৰিবলৈ ধৰিলে। প্ৰভাই এছাৰ মাৰি মহেশৰ হাতটো এৰুৱাই বিজুলী বেগেৰে ভিতৰৰ খোটালিত সোমাল আৰু মাজৰ দুৱাৰ বন্ধ কৰি দিলে। তাৰ পিচত ক’লে,-“আপুনি এই মুহূৰ্ত্ততে ইয়াৰ পৰা আঁতৰ হওক; ভৱিষ্যতলৈ কেতিয়াও এই ঘৰত ভৰি নিদিব। নহলে ফল ভাল নহ'ব।”
সেই দিনা ৰাতি প্ৰভাৱতীৰ টোপনি নাহিল; নানা চিন্তাত তেওঁ আকুল হৈ পৰিল। বাহিৰত কলঙ্ক, ভিতৰত এই নীচতা। ইয়াৰ ভিতৰত তেওঁৰ প্ৰকৃত পথ কোনটো? একোবাৰ ভাবে যদি ভালে থাকিলেও এনে বদনামৰ হাত সাৰিব নোৱাৰি, তেনেহলে বেয়া হোৱাতেই বা হানি কি? আকৌ ভাবে, পৰে দোষী বুলিলেও মই যদি নিজে দোষ নকৰোঁ, তেনেহলে অন্ততঃ নিজক সান্ত্বনা দিবলৈ বাট থাকিব। এই চিন্তাৰ লগে লগে পুনঃ পুনঃ দীনবন্ধুৰ কথা তেওঁৰ মনত পৰিবলৈ ধৰিলে। দীনবন্ধুও তেওঁৰ শত্ৰু। যি তেওঁৰ আশা ভৰসাৰ স্থল, যাক পুৰুষ-ৰত্ন, বিপন্নৰ বন্ধু বুলি প্ৰভাই দেৱতাৰ
শাৰীত ঠাই দিছিল, তেৱোঁ যদি পৰৰ নিন্দা কুৎসা আদি ৰটনাত
-১১৪ -