পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 উকীল—তেওঁ কৈছে উদঙীয়া গৰুৰ স্বাধীনতাৰ নিচিনা স্ত্ৰী- স্বাধীনতাৰ বাবে বিলাতত জাৰজাশ্ৰম থাকিব লগা হৈছে; কিন্তু সেইটো মিছা। আমাৰ দেশত তেনে স্বাধীনতা নোহোৱাতো জাৰজ নোহাৱাকৈ আছে নে? ইফালে যে আমাৰ দেশত ভ্ৰূণহত্যা বেচিকৈ হয়, সেইটো হিচাব কৰকচোন। তেতিয়া হে ধৰা পৰিব ব্যাভিচাৰ ক’ত বেচি। আকৌ বিলাতত যুৱক-যুৱতীৰ নিৰ্ব্বাচন-মতে বিয়া হোৱাৰ পৰা এৰাএৰি হয় বুলিছে; কিন্তু আমাৰ দেশত অভিভাবকৰ বাছনিমতে বিয়া হৈও বহুতৰ ঘৰ গুচি বাঁহতল হৈছে। এৰাএৰি হবৰ সুবিধা হোৱা হ'লে, এইবোৰ মানুহ জানো একেলগে থাকিলহেঁতেন? মুঠতে বিলাতী নিয়মহে সংসাৰৰ উপযোগী। তেওঁ কৈছে যুৱক- যুৱতীয়ে ভৱিষ্যৎ নাভাবি অকল ভোগ-লিপ্সাৰ দ্বাৰা পৰিচালিত হৈ বিয়া কৰিহে পিচত এনেকৈ এৰাএৰি হয় : মই কওঁ সিও ভাল। সংসাৰী মানুহৰ উদ্দেশ্যই হৈছে সুখভোগ। যেনেকুৱা ভোগত যেতিয়া সুখ হয়, তেতিয়া তাকেই সাবটি ধৰা উচিত, আৰু আমনি লাগিলেই এৰি দি নতুন সুখৰ সন্ধান কৰা কৰ্ত্তব্য। একে বিধ আহাৰ সদায় খাই থাকিলে সি আমুৱায়; সেই দেখি ৰুচি বঢ়াবলৈ মাজে মাজে তাৰ সাল-সলনি ঘটাই থাকিলেহে স্বাস্থ্য ভালে থাকে। এই কথাটো আন বিষয়ত প্ৰয়োগ কৰি বিবাহত নকৰাটোৱেই আমাৰ সমাজত ভুল। সেই দেখিয়েই বিলাতৰ মানুহ সুখী, আমাৰ মানুহ সদায় অসুখী আৰু দেখাতেই আধামৰা আধাজীয়া। দীনবন্ধুৰ কথা শুনিলে তুমিও সংসাৰ-মুখৰ পৰা বঞ্চিত হৈ বাঁৰী-বামুণীৰ দৰে জীৱন নিয়াব পাৰিবা মাথোন। মোৰ মতে তেনে জীৱনতকৈ মৰণেই ভাল।

 উকীলৰ কথাত প্ৰভাৱতীৰ পূৰ্ব্ব ভাবৰ কিছু পৰিবৰ্ত্তন হ’ল; তেওঁ কোনো উত্তৰ নিদি মৌন হৈ থাকিল।

 উকীলে আকৌ ক'বলৈ ধৰিলে,-“দীনবন্ধুৰ লগত তুমি কোনো

-১০৮-