পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

নাইবা অসংযত দলৰ স্বাধীনতাৰ পৰা কি কুফল ফলিছে তাক জানা নে? উদঙীয়া গৰুৰ স্বাধীনতাৰ নিচিনা স্বাধীনতা এইদলৰ ভিতৰত আছে আৰু তাৰ লগৰীয়া পাপ-ব্যভিচাৰৰ বিষাক্ত ফলেই বিলাতত অসংখ্য জাৰজাশ্ৰমৰ সৃষ্টি কৰিছে। আমাৰ পুণ্যভূমি ভাৰতক এনে পাপ-পুৰীত পৰিণত কৰিবলৈ কোনো বিজ্ঞলোকে ইচ্ছা কৰিব নোৱাৰে। সেই কাৰণেই মই কৈছঁো, বৰ্ত্তমান সময়ত অন্ততঃ আমাৰ দেশত স্বাধীনভাবাপন্ন মহিলায়ো নিজৰ আত্মীয়-স্বজনৰ অনুপস্থিতিত যেই সেই মানুহৰ লগত ঘনিষ্ঠতা ৰাখি চলা উচিত নহয়। তুমি কৈছা অভিভাবকক লগত লৈ ফুৰোৱা সকলোৰে পক্ষে সম্ভৱ নহয়, কিন্তু তেতিয়া হলেও আত্মৰক্ষাৰ উপযোগী নিয়ম-কাৰণৰ বশবৰ্ত্তিনী হৈ আবুৰ ৰাখি চলিব পাৰি। তুমিও যদি মই বান্ধি দিয়া নিয়মৰ তলতীয়া হৈ চলা, তেনেহলে সেই নিয়ম-বোৰেই তোমাৰ অভিভাবকৰ কাৰ্য্য কৰিব।

 বিবাহ সম্পৰ্কেও মই আগেয়ে কোৱা কথাকে আকৌ কওঁ। বিলাতত বিবাহ বৰ-কন্যাৰ বাছনিমতে বেচিকৈ হয় সঁচা, কিন্তু তাৰ ফলতেই যে বিবাহবিচ্ছেদ আদালত স্থাপিত হৈছে, সিও সঁচা। তাৰ কাৰণ ডেকা-গাভৰুৰ নিৰ্বাচনৰ সময়ত অকল ভোগ-লিপ্সা —ৰূপ-যৌৱনৰ আকৰ্ষণেই আন সকলে দোষ ঢাকি পেলায়। সেই দেখিয়েই বহুত ক্ষেত্ৰত ভোগ-তৃষ্ণাৰ প্ৰথম উত্তেজনা মাৰ যোৱাৰ লগতেই আগেয়ে লুকাই থকা দোষবিলাক জল জল কৰে ওলাই পৰে, আৰু তাৰ ফলতেই আদালতৰ আশ্ৰয় লৈ এৰাএৰি হব লগা হয়। কিন্তু হিন্দু বিবাহ তেনে দুদিনীয়া বান্ধোন নহয়। এবাৰ বিবাহ মন্ত্ৰ পঢ়ি চোৱাঁ সি কিমান উচ্চ! কিমান মহৎ!

এই বিবাহে দুটি আত্মাৰ সুকীয়া অস্তিত্ব এক কৰে। সেই কাৰণেই

—১০৪—