পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দীনবন্ধুৰ আহুকাল

বিষয়ে তেওঁৰ মত উমাকান্তৰ লগত আলাপত প্ৰকাশ পাইছে। তেওঁৰ মত আছিল—স্বামী-ভাৰ্যাৰ অস্তিত্ব বেলেগ দেখা গলেও প্ৰকৃততে এক অৱয়বৰেই ভাগ মাথােন। তেওঁলােক য’তে থাকক, পৰস্পৰৰ প্ৰতি অজ্ঞাতভাৱেই এটা আকর্ষণ অন্তর্নিহিত থাকে। যেতিয়ালৈকে ইটিয়ে সিটিক শৰীৰী অৱস্থাত দেখা নাপায়, তেতিয়ালৈকে কল্পনাৰাজ্যত বিচাৰি লয় আৰু সেই মানস-প্রতিমাকে প্রেম বিলাই নিজৰ পূর্ণতা অনুভৱ কৰে। তাৰ পিচত যেতিয়া তেওঁলােকৰ সশৰীৰে সাক্ষাৎ ঘটে, তেতিয়া মুহূৰ্ত্তৰ ভিতৰতে দুয়ােখনি হৃদয় কঁপি উঠে; কল্পনাৰ চিত্ৰ দিঠকত পাই সুপ্ত আকর্ষণ সজাগ হৈ উভয়কে একত পৰিণত কৰে। কেতিয়াবা ঘটনাচক্ৰৰ প্রবল ঠেলাত দুয়ােৰৰ দৈহিক মিলন ঘটাত বাধা জন্মিব পাৰে; কিন্তু আধ্যাত্মিক মিলনে কোনাে বাধা-বিঘিনিলৈ ভয় নকৰে।

 যিদিনা প্ৰভাৱতীৰ লগত দীনবন্ধুৰ প্রথম সাক্ষাৎ ঘটে, সেইদিনা তেওঁৰ প্ৰাণত এটা নতুন ধৰণৰ স্পন্দন হৈছিল; সেই মুখ আকৌ চাবলৈ তেওঁৰ আগ্ৰহ জন্মিছিল, কিন্তু কিয় তেনে হৈছিল, কিয় তেওঁৰ চিৰকলীয়া অভ্যাসৰ পৰিবৰ্ত্তন ঘটিছিল, তেৱোঁ তাক সঠিককৈ বুজা নাছিল। কিন্তু তেওঁৰ অন্তৰত যে সেই দিন কিবা এটা অস্বাভাৱিক আলােড়ন হৈছিল, সেইটো তেওঁ বোধকৰোঁ, অনুমান কৰিছিল। সেইদিনা তেওঁ এই কবিতাটো লিখিলে:—

অতিথি
আজি বসন্তৰ প্ৰথম পুৱাতে

  কিশলয়–কোমল হাতেৰে;
কোনে যেন পৰশিলে দেহা,
  সাৰ পাই উঠিলোঁ ৰঙেৰে

৯৯—