এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অষ্টম পটল
আত অনন্তৰে শুনা সভাসদ নৰ।
পৰম ৰহস্য কন্ত দেৱ মহেশ্বৰ॥
শঙ্কৰ বদতি মুনি শুনিলা সাক্ষাত।
অনেক প্ৰশ্নৰ কথা কহিলোঁ তোমাত॥ ২৯৩॥
এবে তাৎপৰ্য্য কৰি ৰহস্য পৰম।
কহো তাক কিছু তুমি শুনা মহোত্তম॥
যাহাক শ্ৰদ্ধায়ে আচৰিলে পুৰুষত।
অৱশ্যে হৈবেক দৃঢ় ভক্তি গোবিন্দত॥ ২৯৪॥
দেৱতীৰ্থ ধৰ্ম্মত বিশ্বাস যতমানে।
সবাকে এৰিয়া আসি পৰম যতনে॥
একান্ত ভক্তৰ সঙ্গে কৰি ৰঙ্গ মন।
কৃষ্ণ পাদপঙ্কজত পশিব শৰণ॥ ২৯৫॥
বুলিবেক হে কৃষ্ণ প্ৰভু জগন্নাথ।
তুমিসি শৰণ্য মোৰ অনাথৰ নাথ॥
শৰণ পশিলোঁ মই তোমাৰ পাৱত।
মোহোৰ শৰণ নিজ গুৰু চৰণত॥ ২৯৬॥
সাৱধান হুয়া হেন কৰিয়া নিশ্চয়।
ভজিলে ভকতি তেবে দিবা কৃপাময়॥
কিন্তু বলিদানাদি কৰিয়া কদাচিত।
অন্য দেৱ নুপূজিব কহিলোঁ নিশ্চিত॥ ২৯৭॥