এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ পটল।
নাৰদ বদতি প্ৰভু দায়ালু শঙ্কৰ।
নাহিকে তৃপিতি শুনি কথা গোবিন্দৰ॥
তথাপি সম্প্ৰতি মোৰ মিলিছে কৌতুক।
কেন মতে ভক্তিভেদ কহিয়ো প্ৰত্যেক॥ ১১৬॥
যাক জানি লোকে অনায়াসে সাধে গতি।
কহিয়োক সেহি ভক্তি ভেদক সম্প্ৰতি॥
শিৱ নিগদতি সাধু ভক্ত যে উত্তম।
পুছিলাহা ইটো কথা মহা গুহ্যতম॥ ১১৭॥
একান্ত ভক্তত বিনে নকহোঁ আনত।
ইহাৰ কাৰণ কহোঁ শুনিয়ো সাম্প্ৰত॥
যি কালত মোৰ ধ্যানে কৃষ্ণ তুষ্ট ভৈলা।
অভক্তত ভক্তি কহিবাক নিৰোধিলা॥ ১১৮॥
হেন শুনি ময়ো তান চৰণত ধৰি।
পুছিলোঁ কাহাক কৈয়ো ভক্ত বুলি হৰি॥
শুনি প্ৰীত হুয়া হৰি বুলিলা বচন।
শুনিয়োক শিৱ কহোঁ ভক্তৰ লক্ষণ॥ ১১৯॥
মোৰ ধ্যানে নিষ্ঠা মোতে মাত্ৰ প্ৰাণ যাৰ।
মোৰ যশ শ্ৰৱণে উৎসুক যাসম্বাৰ॥
হিংসা মদ মাৎসৰ্য্য ৰহিত যিটো নৰ।
তাসম্বাত ভক্তিভেদ কৈবা নিৰন্তৰ॥ ১২০॥