এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সাত্বত তন্ত্ৰ।
দুষ্ট যক্ষ ৰাক্ষসক বধিয়া ৰণত।
ইন্দ্ৰৰ সহায় হুয়া পালিলা জগত॥ ৪৮॥
চতুৰ্থ মনুত হৰি অৱতাৰ হুয়া।
গজেন্দ্ৰৰ তুতি শুনি সৰোবৰে গৈয়া॥
গ্ৰাহৰ মুখৰপৰা তাঙ্ক উদ্ধাৰিলা।
সংসাৰ জলৰ তাৰি বৈকুণ্ঠক নিলা॥ ৪৯॥
পঞ্চম মনুৰ কালে বৈকুণ্ঠ সাক্ষাত।
সমুদ্ৰৰ গৰ্ভে [১] লক্ষ্মীসমে ভৈলজাত॥
লক্ষ্মী প্ৰাৰ্থিবাৰ অৰ্থে বৈকুণ্ঠ দেখাইলা।
কীৰ্ত্তি প্ৰকাশিলা সৰ্ব্ব জগত পালিলা॥ ৫০॥
ষষ্ঠ মন্বন্তৰে বৈৰাষ্ট্ৰৰ গৃহে [২] আসি।
ভৈলন্ত অতি মহাকীৰ্ত্তিক প্ৰকাশি॥
দুৰ্ব্বাসাৰ শাপে ক্ষীণ দেখি দেৱতাক।
অমৃত মথিয়া ৰক্ষা কৰিলা তাৰাক॥ ৫১॥
দেৱাসুৰে ক্ষীৰ সাগৰক মথিছন্তে।
মন্দৰ পৰ্ব্বত তল গৈল হস্তহস্তে॥
দেখি কৃপাময় কুৰ্ম্মৰূপক ধৰিলা।
পিঠিত পৰ্ব্বত পাৱে কণ্ডুতি মানিলা [৩]॥ ৫২॥