পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।


দত্তাত্ৰেয় অৱতাৰে অত্ৰিৰ তনয়।
যোগেশ্বৰ ঈশ্বৰ পৰম কৃপাময়॥ ৩৭॥
চৌবিশ গুৰুত যত শিখিলন্ত অৰ্থ।
যদু প্ৰহ্লাদত সবে কৈলা পৰমাৰ্থ॥
ধৰ্ম্মৰ ঘৰিণী মূৰ্ত্তি মহা ভাগ্যৱতী।
তান্ত দুইৰূপে জন্মিলন্ত লক্ষ্মীপতি॥ ৩৮॥
নৰ-নাৰায়ণ নামে ঋষিতে প্ৰধান।
লোক উপকাৰে তপ কৰা অবিশ্ৰাম॥
ক্ৰোধক জিনিল যিটো কাম কোন হয়।
যাৰ কৰ্ম্ম শুনি ইন্দ্ৰ ভৈলন্ত বিস্ময়॥ ৩৯॥
নাভিৰ তনয় ভৈল ঋষভ নামত।
পুত্ৰগণ সমে ধৰ্ম্ম কৰিলা প্ৰজাত॥
মহাযোগী সকলৰ যতেক আচাৰ।
আপুনিও আচৰিলা নিষ্ঠা দেখাই তাৰ॥ ৪০॥
যিবেলা ব্ৰহ্মাত পুছিলন্ত পুত্ৰগণে।
চিত্ত বিষয়ৰ এৰাএৰি হৈব কেনে॥
ব্ৰহ্ম৷ আগে ভৈলা তেবে হংস অৱতাৰ।
কটাক্ষতে ছেদিলা সংশয় তাসম্বাৰ॥ ৪১॥
মৃতক বেনৰ বাহু মথি দেৱগণ।
পৃথু অৰ্চ্চি জন্ম ভৈল লক্ষ্মীনাৰায়ণ॥
লোক ক্ষুধা দুহিলা তেসম্বে বসুন্ধৰী।
ভাৰ্য্যা সমে গৈলা পাচে বৈকুণ্ঠনগৰী॥ ৪২॥