পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় পটল

শঙ্কৰ বদতি শুনা নাৰদ প্ৰস্তুত।
ধৰি হৰি হয়গ্ৰীৱ ৰূপ অদভুত॥
মাৰি দুই দৈত্য মধু কৈতভ দুৰ্ব্বাৰ।
আপোনাৰ কীৰ্ত্তি ৱেদ কৰিল৷ বিস্তাৰ॥ ২৭॥
সনকাদি চাৰিসিদ্ধ হুযা নাৰায়ণ।
লোকক নিবৃত্তি-পৰ কৰিতে শোভন॥
সিদ্ধমুনি সকলত কহি মহাযোগ।
আপুনিয়ো আচৰিলা তেজি সবে ভোগ॥ ২৮॥
দেৱল নাৰদ আদি মুনি অপৰ্য্যন্ত।
অতি শুদ্ধ পঞ্চৰাত্ৰ যোগ কহিলন্ত॥
যিটো মুখ্য ধৰ্ম্মতন্ত্ৰ কৃষ্ণে কহিছন্ত।
তাক পুনু বিশেষ শিষ্যত কহিলন্ত॥ ২৯॥
ব্ৰহ্মাৰ বচন পালিবাক নাৰায়ণে।
বৰাহ স্বৰূপে ভূমি আনা ৰঙ্গ মনে॥
সেহি বেলা আদি দৈত্য হিৰণ্যক্ষ নাম।
দশনে চিৰিযা সাধিলন্ত দেৱ কাম॥ ৩০॥
ভূমিৰ তলত আছা অনন্ত সাক্ষাত।
নাগগণে দেৱগণে সেৱৈ চৰণত॥
যাৰ এক ফণাত সমস্তে ভূমিখান।
শ্বেত সৰিষৰ্প যেন প্ৰকাশে শোভন॥ ৩১॥