পৃষ্ঠা:সাতসৰী.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাতসৰী।

একোছা চুলি।

(১)

 তেতিয়া মই উমলি-ভাত খোৱা লৰা। বয়স সাত বছৰ। কিন্তু তেতিয়াই মোৰ স্বভাৱটো ইমান উগ্ৰ আছিল যে, মোৰ লগত কোনোবা উমলিবলৈ আহিলেই মই তাক কোবাই-কিলাই নগুৰ-নগতি কৰোঁ। সেই দেখি, পৰাপক্ষত, কোনো মোৰ লগত উমলিবলৈ নাহে। আহে মাথোন মোৰ লগৰী আৰু ক্ৰীড়াসঙ্গিনী মালতী।

(২)

 মালতী আমৰ চুুবুৰিৰে লক্ষ্মীধৰ শইকীয়াৰ নুমলীয়া চাৰি বছৰীয়া কন্যা। তেওঁৰ দেহৰ গঠনটি বৰ ধুনীয়া,—বৰ মৰম- লগা। যেতিয়া তেওঁ বতাহত নচা মাধৈমালতীৰ আগটিৰ দৰে বিবিধ অঙ্গি-ভঙ্গিৰে উমলিবলৈ ধৰে, যেতিয়া আধা ফুলা গোলাপ ফুল এপাহিৰ দৰে আনন্দ মনেৰে মিচিকিয়া হাঁহি মাৰে, তেতিয়া তেওঁৰ গাত কেনে মনোহৰ সৌন্দৰ্য্যৰ জেউতি জিলিকি উঠে! কেনে অপূৰ্ব্ব স্বৰ্গীয় প্ৰভা বিকসিত হয়! সংসাৰৰ কুটিলতা