স্বৰ্ণ মাজে সময়ে জয়ন্তীৰ বাতৰি ল’বৰৈ যায়, কিন্তু তেওঁক দেখিলেই জয়ন্তীৰ অসুখ বেচি হৈ পৰে। স্বৰ্ণই দেখিলে জয়ন্তীৰ নিয়মমতে চিকিৎসা হোৱা নাই। আন কি তেওঁ নিজৰ খৰচত নি দিয়া দৰবো তেওঁ আগত থাকি খুওৱা কেই পালিৰ বাহিৰে খুওৱা হোৱা নাই। তেওঁ তাৰ কাৰণ সুধিলত এজনীয়ে ক'লে—“আমি নো কি কৰিম আই? আমি দিলে আকৌ খালেহে! গিৰীয়েকে খুৱালে খুৱাব পাৰে, পিচে সি আকৌ ওচৰকে নাচাপে। আনহে নালাগে আজিকালি তাক ঘৰতে দেখিবলৈ নাই। এতিয়া এনেকৈ এৰিছে, পিচত ঢুকাব বা কাৰ?”
ৰমাৰ আচৰণ দেখি স্বৰ্ণই কেইবা দিনো তেওঁক তীব্ৰ ভাবে তিৰস্কাৰ কৰিলে আৰু যেতিয়াই তেতিয়াই তেওঁৰ ঘৰলৈ নাহিবলৈ দঢ়াই দঢ়াই ক'লে। ইমানতে ৰমাৰ চেতনা নাহিল,—স্বৰ্ণৰ কথা তেওঁৰ একাণে সোমাই ইকাণে ওলাই গ'ল। স্বৰ্ণই মনে মনে কি ভাবিছিল কব নোৱাৰোঁ, কিন্তু তেতিয়াৰে পৰা তেওঁ ৰমাৰ লগত আগৰ দৰে ঘনিষ্ঠতা ৰাখিবলৈ ইচ্ছা নকৰা হল; ৰমাক অহা দেখিলেই তেওঁ আন কামত ব্যস্ত হবলৈ ধৰিলে।
(৭)
এদিন জয়ন্তীৰ খবৰ লবলৈ গৈ স্বৰ্ণই দেখিলে যে তেওঁৰ জীৱন-লীলা প্ৰায় শেষ হওঁ হওঁ, কিন্তু ৰমানাথ ঘৰত নাই।