শয্যাগতা। প্ৰথমে যি কাৰণতেই অসুস্থ হওক, এতিয়া তেওঁৰ
শৰীৰত কেইবাটাও ব্যাধিৰ সম্মিলন। তেওঁ জয়ন্তীৰ বিশেষ
তত্ত্বাবধান নোলোৱাৰ বাৱে ৰমানাথক ভৎৰ্সনা কৰিলে।
ৰমাই ক'লে,⸺“এঃ! কিনো কৰিবা? সি কিবা আজিৰ অসুখ নে? সদাই লাগিয়েই আছে।”
স্বৰ্ণই ক'লেঃ——হ’ব পাৰে বেমাৰ বেচি দিনীয়া, কিন্তু বৰ্ত্তমানে তাৰ অৱস্থা অতি শোচনীয়। ভালকৈ চিকিৎসা আৰু প্ৰতিপাল নকৰিলে বচোঁৱা টান হ’ব।
কিন্তু স্বৰ্ণৰ কথাত ৰমাক বিশেষ মনোযোগ দিয়া দেখা নগ’ল। স্বৰ্ণই কিবা এটা ঔষধ ঘৰৰ পৰা নি জয়ন্তীক খাবলৈ দিলে, জয়ন্তীয়ে ঔষধ নাখাই ক'লেঃ⸺“মই ঔষধ নাখাওঁ, খাই লাভে নাই; বৰং মোৰ মৃত্যুত কাৰবাৰ লাভ আছে।”
স্বৰ্ণই ঔষধ খুৱাব নোৱাৰি ৰমাক মাতিলে। ৰমাই ঔষধ এপালি লৈ জয়ন্তীক খাবলৈ দিলে। জয়ন্তীৰ যদিও ইচ্ছা নাছিল, তথাপি স্বামীৰ আদেশ-পালনত আৰু আপত্তি কৰিব নোৱাৰিলে।
স্বৰ্ণই ৰমাক যথা নিয়মে ঔষধ পাতি আৰু পথ্য দিবলৈ কৈ বিদায় ল'লে।
(৬)
জয়ন্তীৰ অৱস্থা দিনে দিনে অধিকতৰ শোচনীয় হৈ আহিবলৈ ধৰিলে; ৰমাই ইমানতো বিশেষ মনকাণ নিদিলে। এতিয়াও তেওঁক বেমাৰীৰ ওচৰতকৈ স্বৰ্ণৰ ওচৰতহে বেচিকৈ পোৱা যায়।