পৃষ্ঠা:সাতসৰী.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সাতসৰী।


ঘৰত তাৰ বিপৰীত হৈ উঠিল। জয়ন্তীৰ বাপেকে ভাবিছিল— ৰমানাথৰ লগত বিয়া দিলে জয়ন্তীৰ সুখ হব; কিয়নো ৰমানাথ নিতান্ত অশিক্ষিত নহয় আৰু ঘৰুৱা অৱস্থাও স্বচ্ছল। ৰমাৰ চৰিত্ৰ কেনে, সিহঁতৰ ঘৰৰ ব্যৱহাৰেই বা কেনেকুৱা—তেওঁ তাৰ একো গমকে নল'লে।

 ৰমানাথৰ ঘৰলৈ আহি পোনতে দিনচেৰেকলৈ জয়ন্তীয়ে বিশেষ একো কষ্ট অনুভব কৰা নাছিল। যদিও খোৱা-লোৱাৰ দুখ অতিপাত হৈছিল, তথাপি স্বামীৰ আদৰ-সাদৰত তাক পাহৰি গৈছিল। কিন্তু হায়! সেই সুখো যে দুদিনীয়া! লাহে লাহে আন কষ্টৰ—শাহু-শহুৰৰ অত্যাচাৰৰ লগতে স্বামীৰ অৱহেলাও যোগ হ’ল; জয়ন্তীৰ সংসাৰখনেই নৰক যেন বোধ হ'ল। পতি-পৰায়ণা হিন্দু ৰমণীয়ে সকলো দুখ, সকলো যন্ত্ৰণা সহ্য কৰিৰ পাৰে, স্বামীৰ অত্যাচাৰকো মূৰ পাতি ল'ব পাৰে, কিন্তু যেতিয়া মনত দৃঢ় ধাৰণা হয় যে তেওঁৰ দৰেই আন কাৰবাক হিয়া উচৰ্গা কৰিহে তেওঁৰ স্বামীয়ে তেওঁক অবজ্ঞা কৰিছে, তেতিয়া তাক কোনো মতেই সহ্য কৰিব নোৱাৰে; আনৰ ওপৰত তাৰ প্ৰতিশোধ ল’ব নোৱাৰিলে নিজৰ ওপৰতে লয়। জয়ন্তীয়েও ঠিক তাকেই কৰিবলৈ স্থিৰ কৰিলে।

 স্বৰ্ণ যেতিয়া প্ৰথমে আহে, তেতিয়া জয়ন্তীয়ে তেওঁক যথেষ্ট সমাদৰ কৰিছিল, কিন্তু এতিয়া তেওঁক লগ পাবলৈ তেওঁৰ সেই আগ্ৰহ অলপো নোহোৱা হ'ল। জয়ন্তীয়ে ভাবিছিল যে স্বৰ্ণৰ লগত ৰমানাথৰ অবৈধ প্ৰণয় আছে। নহলে তেওঁ এনেকৈ স্বৰ্ণৰ