আমোলা। ঘৰত মাক-বাপেক, ভায়েক-ভনীয়েকৰ উপৰিও
নিজৰ ঘৈনীয়েক আৰু ল'ৰা-ছোৱালী আছিল। কিন্তু স্বৰ্ণ
আহিবৰে পৰা তেওঁ কাছাৰীৰ পৰা বাজে বাজে আহি স্বৰ্ণৰ ঘৰত
সোমায় আৰু ৰাতি হলেহে ঘৰলৈ ওলটে। দেওবাৰৰ দিনাও
ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ স্বৰ্ণৰ ঘৰতে ভ্ৰমণ শেষ কৰে।
স্বৰ্ণকো মাজে সমযে ৰমানাথৰ আগমনলৈ অপেক্ষা কৰা দেখা
গৈছিল।
স্বৰ্ণ ইয়ালৈ অহাৰ আগতে ৰমানাথৰ ঘৈনীয়েক জয়ন্তীৰ লগত তেওঁৰ পৰিচয আছিল; সেই কাৰণে ঘৰৰ বন্দবস্ত হৈ উঠাৰ আগতে এসপ্তাহমান তেওঁ ৰমানাথৰ ঘৰতে আলহী ৰৈছিল। সেয়েই হেনো তেওঁলোকৰ ঘনিষ্ঠতা আৰু সদ্ভাবৰ মূল আৰু সেই দেখিযেই হেনো ৰমাই এৰাব নোৱাৰি স্বৰ্ণৰ খবৰ-বাতৰি লৈ থাকে। স্বৰ্ণক কোনোবাই সুধিলে তেৱোঁ ঠিক সেই একে উত্তৰকে দিছিল।
স্বৰ্ণ আৰু ৰমানাথে তেওঁলোকৰ মিলা-প্ৰীতিৰ যি কাৰণ দেখুৱাইছিল, সি অতি কম মানুহলৈহে সন্তোষজনক হৈছিল। ৰমানাথ আৰু তেওঁৰ ঘৰৰ আনবিলাকৰ স্বভাৱ-চৰিত্ৰ যি জানে, সি কেতিয়াও এই কথাত বিশ্বাস কৰা নাছিল। ঘাইকৈ ৰমানাথৰ ঘৈনীয়েক জয়ন্তীয়ে সেই কথা সমুল নামানিছিল।
(৩)
জয়ন্তীৰ দুৰ্ভাগ্যৰ সীমা নাই। সৰুতে মাক-বাপেকৰ ঘৰত দুখ কাক বোলে নজনাকৈয়ে ডাঙ্গৰ হৈছিল কিন্তু স্বামীৰ