পৃষ্ঠা:সাতসৰী.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
সাতসৰী।


কৰিবলৈ ধৰিলে। ব্ৰাহ্মণ-সমাজে মেল পাতি দুজনমান প্ৰতিনিধি পঠিয়াই হৰিক ভয় দেখুৱালে; শূদ্ৰবিলাকেও তেওঁক ইতিকিং কৰা হ’ল। তথাপি তেওঁ প্ৰতিজ্ঞাত অটল হৈ থাকিল।

 হৰিচৰণৰ পিতাক নাই। মোমায়েকে খবৰটো শুনি এদিন আবেলি পৰত হৰিৰ ঘৰ পালেহি। হৰিয়ে আদৰ সাদৰেৰে মোমায়েকক বহিবলৈ দিলে।

 মোমাযেকে ক'লে,—“মই তোৰ ঘৰত বহিব নোৱাৰোঁ; কিয়নো মই শুনা কথা সঁচা যদি, তোৰ লগত মোৰ কোনো সম্বন্ধ নাই।”

 হৰি।—কি কথা মোমাইদেউ?

 মোমায়েক।—তই বোলে লক্ষ্মীধৰৰ সেই ঘৰতে বুঢ়ী হোৱা ছোৱালীজনী বিয়া কৰিবলৈ ওলাইছ?

 হৰি।—এৰা, একৰকম ঠিক হৈছে।

 মোমায়েক।—সচাঁকৈযে তই এনে কাম কৰিবলৈ ওলাইছ! তইনো সেইজনী ছোৱালীহে বিচাৰ পালি নে? ছি! ছি! মানুহৰ আগত নাক উলিয়াবলৈ তোৰ লাজ লগা নাই! তই নিজে যি অধঃপাতে গলি, তোৰ পিতৃকুল মাতৃকুলকো নৰকলৈ নিয়ালি। মই বুজিছোঁ, সেই গুৰু-ব্ৰাহ্মণ-নমনা পাষণ্ড লক্ষ্মীধৰে তোক কিবা আহুদি খুৱালে।

 হৰি—তেওঁ গুৰু-ব্ৰাহ্মণ নামানে বুলি কোনে ক'লে? যি সঁচাকৈয়ে ব্ৰাহ্মণ, তেনে মানুহক ব্ৰাহ্মণ বুলি তেওঁ মানে। যি “ক”ৰ চুক চিনি নাপায়, গায়ত্ৰীৰ মানে নুবুজে, অথচ মুখস্থ কৈ