কৰাহে তেওঁৰ কৰ্ত্তব্য। তেওঁ স্থিৰ কৰিলে যদি লক্ষ্মীধৰে
আপত্তি নকৰে, তেন্তে তেওঁ ললিতাক বিয়া কৰাব।
সেই মতেই প্ৰস্তাব হ’ল। লক্ষ্মীধৰে হৰিক মাতি নি সেই বিবাহৰ পৰিণাম কি হ'ব পাৰে, তাক ভালকৈ বুজাই ক'লে।
হৰিয়ে ক'লে—“মই সকলো কথা ভাবি চাইহে এই প্ৰস্তাব কৰিছোঁ। সমাজৰ কুন্ধচ ৰীতিৰ বশবৰ্ত্তী হৈ থাকিব নোৱাৰিলেই মানুহে কিছু কষ্ট পায়। কিন্তু আমি জনা উচিত যে সমাজে মানুহক সদায় একেটা সাঁচতে গঢ়ে মাথোন। আনফালে অনন্ত উন্নতিশীল মানৱাত্মাৰ উন্নতি অনিবাৰ্য্য। সেই কাৰণে মানুহৰ উন্নতি হলেই সমাজৰে উন্নতি হোৱাৰ আৱশ্যক হয়। একেদিনে নহয় বহুত দিনেতো হ’ব! আমাৰ কাৰ্য্য-কলাপ, শিক্ষা-দীক্ষা সকলো সীমাবদ্ধ ৰাখি কূপমণ্ডুক হৈ চিৰকাল জীৱন কটোৱা সমাজৰ অস্তিত্বও অমঙ্গলৰ নিমিত্তেহে; মই তেনে সমাজত থাকিব নোখোঁজো। তাৰ বাবে যদি কিবা কষ্ট সহিব লাগে, তাৰ নিমিত্তে প্ৰস্তুত আছোঁ।”
হৰিচৰণৰ সৎ সাহ দেখি লক্ষীধৰে সন্তোষ পালে আৰু হৰিৰ প্ৰস্তাবত ললিতাৰ মত কি সুধি পঠিয়ালে। ললিতাই ৰং-মনেৰে সন্মতি দিলে। সেই দিনাই বিবাহৰ বন্দৱস্ত হৈ গ'ল।
(৫)
হৰিচৰণ আৰু ললিতাৰ বিবাহৰ বন্দৱস্তৰ কথা চাৰিওফালে জনাজাত হৈ পৰিল। সকলোৱে সেই একেটা কথাকে আলোচনা