দৰেই হৈছিল; তাত কোনো বাসনাৰ ছাঁ পৰা নাছিল, ৰচনাৱলী
বাসনা-ৰাগৰঞ্জিত হোৱা নাছিল। দুয়োৰে মুখ প্ৰফুল্ল, প্ৰশান্ত⸺
সুন্দৰ। আন প্ৰেমিক-প্ৰেমিকা হোৱা হলে চকু-লোৰে কাপোৰ
তিয়ালেহেঁতেন, কামত অনিচ্ছা দেখুৱালেহেঁতেন, লাগে যদি মাজ
ৰাতি শোৱাৰ পৰা উঠি বিদেশী হ'লহেঁতেন। কিন্তু ক’তা।
তেওঁলোকৰ তো তেনে ভাবৰ উমঘামেই নাই। কাৰণ তেওঁলোকৰ
ভাল-পোৱা আচল—খাঁটি সোণ। তাত বাসনা-চৰিতাৰ্থৰ পিতল
মিহলি নাই; সেই দেখি পাৰ্থিব আকৰ্ষণে তাৰ গতিত ব্যাঘাত
জন্মাব নোৱাৰে।
(৪)
হৰিচৰণ ব্ৰাহ্মণ, ললিতা শূদ্ৰ কন্যা। তেওঁলোকৰ পৰিণয় হলে সে ভবিষ্যত বেয়া হ'ব; তেওঁলোকৰ সন্তান যে পাৰশৱ বা নিষাদ হব লাগিব। কিন্তু হৰিচৰণে ভাবে আন ৰকমে; তেওঁৰ বিবেকে কয়, স্বভাৱৰ নিয়মে সূচাই দিয়ে, অতীত বুৰঞ্জীয়ে অনুমোদন কৰে যে ললিতাৰ বাহিৰে আনৰ লগত তেওঁৰ মিলন হোৱা অসম্ভব আৰু অনুচিত। সমাজেই বা বেয়া বুলিব কিয়? নিষাদ কৱষক তো ব্ৰাহ্মণসকলে পূজা নকৰাকৈ নাছিল; মৎস্য- জীবী কন্যাসম্ভুত ব্যাসদেৱে দেখোন ব্ৰাহ্মণসকলৰ শীৰ্ষস্থান অধিকাৰ কৰিছিল। তেনেহলে যি সমাজে তেওঁক ঘৃণা কৰিব, তেওঁ সেই সমাজক ঘৃণা কৰি নেৰিবৰ কাৰণ কি? তেনে সমাজৰ পৰা আঁতৰি, পাৰিলে তাৰ আবৰ্জ্জনাবোৰ সৰাই পেলাবলৈ চেষ্টা