আই উঠ, আই উঠ। যেতিয়া মই কামৰ পৰা ঘূৰি আহোঁ, উৰি
গৈ পদূলিতে মোৰ লগ ধৰে, আৰু মোৰ গাত পৰি ককাইদেউ
ককাইদেউকৈ চিঞৰি দিয়ে। মই আগ্ৰহেৰে তুলি লৈ তাক
মৰম কৰোঁ। মোৰ ভাইটো জীয়াই থকা হলেও মই তাতকৈ
বেচি ভাল পাব নোৱাৰিলোঁহেঁতেন।
(৩)
এদিন আয়ে জুহাল গুৰিত বহি থাকোতে মোক মাতি কলে —“অ' বোপাই সোণাৰাম, মোৰ কথা এটা শুনচোন। তই দেখিছই নহয় কলিকলীযা মানুহৰ কেনেকুৱা খেন-বেন শৰীৰ। মই বুঢ়ীনৌ আৰু কেইদিন জীম! কালিলৈকে যদি মই চকু মুদোঁ, তেনেহলে ঘৰখন ৰখিবলৈকো কোনো নাথাকিব নহয়। সেই দেখি মই ভাবিছোঁ, মই জীয়াই থাকোঁতেই যেনে-তেনে তোৰ ঘৰখন পাতি যাব পাৰিলে হয়।”
শুনি মোৰ কেনেবা লাগিল। মাতৃৰ অভাবত যে এতিয়াৰ এই স্বৰ্গতুল্যা পৃথিবী মৰিশালি হ’ব! মই বিয়া কৰাই এজনা সঙ্গিনী লাভ কৰিলেও সেই মাতৃস্নেহ আৰু নাপাওঁ। মাতৃৰো আকৌ মৃত্যু হয়!⸺মোক শোকে খুন্দা মাৰি ধৰিলে; জৰ-জৰ কৰে চকু-লো ববলৈ লাগিল। মাতৃ-স্নেহ অমৃতৰ পৰা বঞ্চিত হবলৈ কাৰ সত যাব।
মই কান্দি কান্দি কলোঁ—“আই, তোমাৰ যি ইচ্ছা তাকে কৰাঁ; কিন্তু এনে হিয়া-ভগা কথা আৰু দুনাই নকবাঁ। তোমাৰ অবিহনে মোৰ সংসাৰত থকাৰ লাভ কি আই?”