পৃষ্ঠা:সাতসৰী.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
সাতসৰী।

(১০)

 আশ্ৰমতে এদিন ৰবিৰ শৰীৰ অসুস্থ বোধ কৰিলে। লাহে লাহে তেওঁৰ বিসূচিকা ৰাক্ষসীয়ে আক্ৰমণ কৰিলে। তেওঁ অসহনীয় যন্ত্ৰণাত অস্থিৰ হৈ পৰিল। তথাপি যেন তেওঁৰ প্ৰাণত শান্তিয়ে দেখা দিলে! তেওঁ মনে মনে ক'লে-“পৰম পিতাৰ অনুগ্ৰহত সোনকালে মুক্তি পাম। মোৰ প্ৰাণৰ কমল য’ত আছে, তালৈ যাব পাৰিব। তেতিয়া আৰু কোনেও আমাৰ বিচ্ছেদ ঘটাব নোৱাৰে।”

 কিছুমান বেলিৰ মূৰত ৰবি অচেতন হৈ পৰিল। আশ্ৰমৰ তপস্বী আৰু তপস্বিনীসকলে তেওঁৰ শুশ্ৰুষা কৰি লৈ ধৰিলে।

 সংজ্ঞা আহিলত ৰবিয়ে দেখিলে তেওঁৰ ওচৰত এজনা যোগিনীয়ে একেৰাহে তেওঁৰ মুখলৈ চাই আছে। বিদায় লোৱাৰ আগতে কমলেও ঠিক এনেকৈযে তেওঁলৈ চাইছিল। তেওঁ অতি কাতৰ সুৰেৰে মাতিলেঃ⸺“কমল, প্ৰিয়তমে।"

 যোগিনী।⸺ৰবি, প্ৰাণেশ্বৰ মোৰ!

 ৰবি।—সচাঁকৈয়ে নে তুমি কমল? নতুবা কোনো মায়াবিনী?

 কমল।—সচাঁকৈয়ে মই কমল, তোমাৰেই সেই কমল, প্ৰাণেশ্বৰ! মোৰ জীৱন-ব্যাপী সাধনাই আজি মোৰ প্ৰাণেশ্বৰক ওচৰ চপাই আনিলে; আৰু কাৰ সাধ্য আমাৰ বিচ্ছেদ ঘটায়।

 ৰবি।⸺কমল, এদিন তুমি মোৰ ওচৰত বিদায় লৈছিলা, আজি ঠিক সেই একেদৰেই মোক বিদায় দিয়াঁ প্ৰিয়তমে! পথৰ সম্বল স্বৰূপে মোক এটি চুমা দিয়াঁ।