কমল, স্থিৰ হোৱাঁ কমল। তুমি যেতিয়া শুনিবলৈ আকুল হৈছা,
মোৰ কবৰ ইচ্ছা নাথাকিলেও কওঁ। শুনিবলৈ সাজু হোৱাঁ।
মই ভাল পাইছিলোঁ, ভাল পাওঁ আৰু ভাল পাম এক মাত্ৰ
তোমাক। তোমাৰ স্নেহেৰে, তোমাৰ ভালপোবাৰে মোৰ হৃদয়
পূৰ, আনলৈ তাত ঠাই নাই। তুমি মোৰ হব নোৱাৰা, তাক
মই এক ৰকম বুজিছিলোঁ। কাৰণ তোমাৰ দেউতাৰাই মোক
আৰু আমাৰ পৰিয়ালৰ সকলোকে মৰম কৰিলেও, আপোন বুলি
ভাবিলেও, সামাজিক নিয়ম উলঙ্ঘা নকৰে বুলি মই আগেয়ে
ভাবিছিলোঁ, আৰু কাৰ্য্যতো সেয়েই হৈছে। সেই দেখিয়েই মই
বিয়া নকৰাওঁ, কাৰণ তোমাৰ বাহিৰে আনক মই ভাল পাব
নোৱাৰোঁ। তোমাক এতিয়া এইবোৰ কথা কোৱা মোৰ উচিত
নাছিল, সেই দেখিয়েই কব নুখুজিছিলোঁ; কিন্তু তুমি নুশুনাকৈ
নেৰিলা। যদিও মই তোমাক প্ৰাণৰ কথা শুনালোঁ, তথাপি
মনত ৰাখিবা, মই স্বাৰ্থপৰ পশু নহওঁ। মই ভাল পাওঁ বুলিয়েই
তোমাক তোমাৰ কৰ্ত্তব্য পথৰ পৰা পিছলাবলৈ কেতিয়াও চেষ্টা
নকৰোঁ; যেন সপোনতো তেনে ভাব মোৰ মনলৈ নাহে। সৰুৰে
পৰা ভাল পাবলৈ শিকিছোঁ, এতিয়াও ভাল পাম; সেয়েই মোৰ
সুখ। কিন্তু তোমাৰ কৰ্ত্তব্যত কেতিয়াও বাধা নিদিওঁ; বৰং
শক্তিয়ে আটেমানে সাহায্য কৰিম।
আহা! কি মহানুভবতা! কমলে ৰবিৰ কথা শুনি গম্ভীৰ হৈ কিছুপৰ নীৰৱে ৰ'ল। তাৰ পিচত মনৰ আবেগত কবলৈ ধৰিলে;—“ৰবি, তোমাৰ ওচৰত মোৰ এটি ভিক্ষা আছে।