পৃষ্ঠা:সাতসৰী.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাতসৰী।


আগেয়ে পঢ়া ঠাইত উপস্থিত হয়। ফুলনিৰ পৰা ওলাই আহি আজিও তেওঁলােকে নিজ নিজ ঠাইত বহি পঢ়িবলৈ ধৰিলে; কিন্তু দুয়ো জনেই আজি কিছু অন্যমনস্ক, দুয়ােৰে মুখ দুখনি মৰা।

(৩)

 ওপৰত কোৱা ঘটনাৰ এসপ্তাহৰ পাচত দেৱনাথ উপৰীয়া কৰ্ম্মচাৰীৰ আদেশ মতে তাৰ পৰা থিতি লৰাবলৈ বাধ্য হ'ল। তেওঁৰ আচল ঘৰ ইয়াত নহয়; চৰকাৰী কাম-উপলক্ষে বদলি হৈ আহি হে হাজৰিকাৰ কাষতে ঘৰ সাজি লৈছিল। এতিয়া আকৌ বদলি হৈ তাৰ পৰা যাবলৈ ওলাল; বন্ধু-বান্ধৱাদিৰ ওচৰত বিদায় লৈ জাহাজত উঠিল। ৰবিনাথ যদিও সৰু লৰা, সংসাৰৰ গতি- গােত্ৰ বুজিবৰ এতিয়াও নৌ হয়, তথাপি চকু-লােৰে তিতা কমলৰ মুখখনি দেখি কিবা এটা অজ্ঞাত চিন্তাত ব্যাকুল হৈ পৰিছিল। এৰাএৰি হবলৈ তেওঁলােক কিমান অনিচ্ছুক,—কিমান কাতৰ! সি যেই নহওক সংসাৰত মানুহৰ ইচ্ছানুযায়ী অৱস্থা-লাভ সচৰাচৰ নঘটে। তেওঁলোকৰ এৰাএৰি হ'ল। মানুহৰ এৰাএৰি হ'ল সঁচা, কিন্তু মনৰ এৰাএৰি ন'হল।

(৪)

 দিন যায়; নাথাকে। লগে লগে পৃথিবীৰ প্ৰায়বােৰ বস্তুৰেই আপােন অৱস্থাৰ সাল-সলনি ঘটে। বসন্ত-বিলাসিনী পৃথিবী তপন-তাপ-পীড়িতা হৈ শােভাহীন হয়, বাসন্তী শােভা নাথাকে।