পৃষ্ঠা:সাতসৰী.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাতসৰী ।

 আহা, কি অমিয়া বৰষা সুৰ! কি কোকিল-নিন্দিত কণ্ঠস্বৰ! কি অপূৰ্ব্ব ভাবৰ ঢৌ। কি পবিত্ৰ প্ৰেমৰ উৎস! বনদেবীসকল স্তব্ধ হৈ গীতৰ মোহনীত তন্দ্ৰাভিভূত; তৰুবিলাক গীতৰ আকষণত অলৰ; একেথৰে শুনি থাকি ভোল গৈ, গীতৰ তৰঙ্গ বিস্তাৰ কৰি বাযুদেৱ আনন্দত বলিয়া! গীতত ভোল যোৱা কুলি সেই সুৰত লজ্জা বোধ কৰি নীৰব! তাৰ পিচত—তাৰ পিচত গোটেই স্তব্ধ। ইটিযে সিটিৰ মুখলৈ চাই লৰা-ছোৱালীহালিও কিবা এটি নিফুট বীণাৰ সুৰত মুগ্ধ!

 অলপমান বেলিৰ পাচত ছোৱালীটীয়ে ক'লে—“ৰবি, তুমি হেনো ইয়াৰ পৰা যাবা? তুমি গলে মই অকলশৰীয়া হব লাগিব যে! তেতিয়া কাৰে সৈতে উমলিম?”

 ৰবি।—এৰা কমল, লাগিব যাব। দেউতা চৰকাৰী কামৰ মানুহ, বদলি কৰিছে যেতিয়া নগলে কেনেকৈ হব? আৰু তেওঁ গলেই আমিও যাব লাগিব।

 কমল।—কিয় তুমি আমাৰ ঘৰতে থাকিও পঢ়িব পাৰিব। নহয়। যাব নো লাগিছে কেলেই?

 ৰবি।—দেউতাই এৰি গলেহে!

 কমল।—বাৰু ইয়াৰ পৰা গলায়েই, আকৌ ঘূৰি আহিবা নে?

 ৰবি।—সেইটো টো কেনেকৈ ক'ম কমল! দেউতাই পঠিয়ালেহে আহিব পাৰিম।

 কমল।—তেনেহলে আমাক একেবাৰেই পাহৰি যাবা, নহয়?