পৃষ্ঠা:সাতসৰী.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সাতসৰী।


তাতে আকৌ বসন্তৰ লগৰীয়া কুলিৰ কুহু তান, প্ৰকৃতিৰ আধা ফুটা গীতৰ ধ্বনি! সোণত সুৱগা। কাৰ প্ৰাণ ইমান কঠিন যে এই সৌন্দৰ্য-সুধা পান কৰিও কোমল নহব?

 এনে বাসন্তী ৰজনীৰ আৰম্ভণতে এদিন দুটি কুমলীয়া লৰা- ছোৱালী এখন শুৱনি ফুলনিত প্ৰবেশ কৰিলে। লৰাটিৰ বয়স দহ বছৰ আৰু ছোবালীটীৰ আঠ বছৰ। দুয়োৰে মুখ দুখনি এনে প্ৰীতিদায়ক যে দেখিলেই মৰম কৰিবৰ মন যায়; বুকত সুমুৱাই লৈ একোটি চুমা খাবলৈ ইচ্ছা হয়! দুযো হাত ধৰাধৰিকৈ ঘূৰি ঘূৰি ফুলনিৰ শোভা চাই শেহত এটা শিলৰ ওপৰত মুখা মুখকৈ বহিল। সেই বাসন্তী ৰজনীৰ আচলত জিলিকি থকা ফুলবিলাকৰ ভিতৰত ফুলৰ নিচিনা সৌন্দয্য-বিকাশক তেওঁলোকৰ সেই মুখৰ সৌন্দৰ্য্য আৰু বাঢ়ি উঠিল। ফুলনিখনেও এই নবীন অঙ্গাভৰণেৰে ভূষিত হৈ নিজক ধন্য মানিবলৈ ধৰিলে। অলপ পাচতে মৌ বৰষা কোমল মাতেৰে দুয়োটিয়ে সম-সুৰেৰে গাবলৈ ধৰিলে;⸻

বায়ুৰ ছাটিত হালি-জালি নাচে ফুলা ফুল।
বগাই ফুলে ফুলে মউ পিয়ে অলিকুল।
  গছৰ ডালত বহি কুলি,
  পঞ্চমত ৰাগিণী তুলি,
 গীতত ধৰি চিত্ত হৰি
  ঢালে সুধাধাৰ;
আহাঁ মিলি, ৰঙ্গত ভুলি, পিন্ধোঁ প্ৰেম-ফুল।