পৃষ্ঠা:সাতসৰী.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাতসৰী

শুনি ভাল লাগিল। ৰাতি শোওঁতেও মই সেই কথাখিনিকে ভাবিবলৈ ধৰিলোঁ। ঘনে ঘনে প্ৰশ্ন উঠিল,—“প্ৰতিমা কি? সধবা নে বিধবা নে কুমাৰী?”



এটি চুমা।

(১)

 বসন্তৰ প্ৰীতি-উপহাৰ মোহন সাজ পিন্ধি, পৃথিৱী ৰসিকা বিলাসিনীৰ দৰে হাঁহিমুৱা। গাত নতুন সাজ, খোপাত নতুন ফুল পিন্ধি পুষ্পলতিকাই বতাহৰ চেৱে চেৱে গা নচুৱাই, নতুন সাজেৰে শুৱনি তৰুক আলিঙ্গন কৰিবলৈ অগ্ৰসৰ। থুপ থুপ কৰে বহি মিচিকিয়া হাঁহিৰে মেল পতা ডেকা-গাভৰুৰ দৰে, ফুলনিত বহি গোলাপ, নাহৰ, সেউতী, মালতী প্ৰভৃতি ফুলকোৱঁৰ আৰু কুৱঁৰী- সকল চুমা-চুমি কৰি ৰঙ্গত উতলা। তাৰ ওপৰত অলপো চেঁকা নোহোৱা সুনীল আকাশ; তাৰ বুকুও সৰু সৰু উজ্জ্বল তৰা- ফুলেৰে ৰমক-জমক। সেই গগন-ফুলনিৰ কোলাত বহি, চন্দ্ৰই জগতক সুবিমল চেঁচা আলো বিতৰণ কৰিছে। আহা, কি মধুৰ! জোনৰ ৰশ্মিত বুৰ যোৱা মলয়াৰ বাত হালি-জালি ৰং কৰা ফুলৰ মালা পিন্ধি তাৰকা-খচিত ওৰণিৰে মুখ ঢকা নিশা-ৰাণীৰ ছবিখনি কেনে মনোহৰ!—কেনে ভাবোদ্দীপক!! অকল সেয়ে নহয়,