পৃষ্ঠা:সাতসৰী.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সাতসৰী।


মই একো বুজিব নােৱাৰি অবাক হলোঁ; ভাঙ্গি-পাতি কবলৈ অনুৰােধ কৰিলোঁ।

 প্রতিমাই এটা দীঘল হুমুনিয়াহ কাঢ়ি কবলৈ ধৰিলে,— “ককাইদেউ, আপুনি যি প্রশ্ন সুধিলে, তাৰ উত্তৰ দিবলৈ মােৰ হিয়া ফাটি-ছিটি যায় যেন লাগে। ককাইদেউ, সি আজি কেইবা বছৰৰো কথা । মই তাক নিজ মুখে কাকো নকম বুলি ভাবিছিলোঁ। কিন্তু আপােনাক কম ; কাৰণ আপুনি বুজিব মােৰ প্ৰাণৰ কথা,—শােকৰ কাহিনী। শুনক—মােৰ হেনো বিয়া হৈছিল। মােক নােৱাই-ধুৱাই হােমৰ গুৰিলৈ নিয়া মােৰ মনত আছে। বুঢ়া এটাকো আনি তাতে বহুৱাইছিল; কিন্তু কি ধেমালি কৰিছিল মই হলে একোকে বুজা নাছিলোঁ! তাৰ পাচত বছৰচেৰেক গলত, যেতিয়া মই অলপ জনা-বুজা হলোঁ, কিছু লিখা-পঢ়াও শিকিলোঁ, তেতিয়া জানিব পাৰিলোঁ যে সেই বুঢ়ায়েই মােৰ গতি জীৱনে-মৰণে। তেতিয়া মােৰ প্ৰাণত কি আঘাত লাগিল, কাক ক'ম, কোনে বুজিব! হৰি। হৰি ! তিৰুতা কি জড় পদার্থ যে সিহঁতৰ ইচ্ছা-অনুৰােধ উপেক্ষা কৰি পুৰুষৰ যি ইচ্ছা তাকে কৰিব। সিহঁতৰ কি সুখ-দুখ নাই? সিহঁতৰ কি ভবা-চিন্তাৰ শক্তি নাই? কওকচোন ; আপােনা ইচ্ছা নােহোৱাকৈ কিবা কৰিবলৈ বাধ্য হব লগা হলে, আপুনি দুখ পাব নে নাপায়? যদি পায়, তেনেহলে আমাকনো অজান অৱস্থাত অজ্ঞান গৰু- ছাগলী দৰে যি ইচ্ছা তাকে কৰে কিয়? আমি নাে কি মহাপাপ কৰিলোঁ। আৰু বিয়া! ইকি কেচুৱাৰ ধেমালি? যদি নহয়,