পৃষ্ঠা:সাতসৰী.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সাতসৰী।

(৩)

 মই প্ৰতিমাক ভাল পাওঁ—বৰ ভাল পাওঁ। অনসূয়া বা প্ৰিয়ম্বদাই শকুন্তলাক যেনে ভাল পাইছিল, ময়ো প্ৰতিমাক তেনে ভাল পাওঁ। প্ৰতিমা শিক্ষিতা, তেওঁ লিখা-পঢ়া জানে, বোৱা-কটা জানে, ৰন্ধা-বঢ়া জানে, গান-বাজনাও জানে। আন কি, নিৰ্ভীক ভাবেৰে যাৰে তাৰে লগত কথা-বতৰা পাতিব পাৰে, সভা-সমিতিত যোগ দিয়ে আৰু ৰাজনীতি-সমাজনীতিৰ আলোচনাও কৰে। সেই দেখিয়েই মই প্ৰতিমাক ভাল পাওঁ ———প্ৰতিমাৰ ৰেহৰূপ চাওঁ।

(৪)

 কেতিয়াবা কেতিয়াবা এটা মূৰৰ পৰা তাড়িৎ ওলাই আন এটা মুৰলৈ যায় নে নাযায় আৰু তেনেকৈয়ে এজনৰ মনোভাব আন এজনে জানিব পাৰে নে নোৱাৰে, সেইটো বৈজ্ঞানিক পণ্ডিতে স্থিৰ কৰিব। মই কিন্তু ক’ব পাৰোঁ যে, কেনেবাকৈ আমাৰ মনোভাব চলা-ফিৰা কৰিছিল। মই প্ৰতিমাক যেনে ভাল পাইছিলোঁ, প্ৰতিমায়ো মোক তেনেকৈয়ে ভাল পাইছিল। কিবা এটা অজ্ঞাত শক্তিৰ বলত প্ৰতিমাই জানিব পাৰিছিল সে ময়েহে মাথোন তেওঁৰ কাৰ্যকলাপৰ পক্ষপাতী; আনবোৰে তেওঁৰ আদৰ্শক প্ৰশংসা কৰা দূৰৰ কথা, গধূলি চ’ৰা ঘৰত বহি তাৰ বিপক্ষেহে আলচ কৰে। প্ৰতিমা তেতিয়া মোৰ ওচৰ চাপিল। মানুহৰ অন্ধ-বিশ্বাস গুচাবলৈ, সমাজৰ সংস্কাৰ সাধন কৰিবলৈ, কি কৰা উচিত সেই বিষয়ে মোৰ লগত আলচ কৰিবলৈ আগ